Fri. Jan 15th, 2021

নিউজ ডেস্ক। ৰাজ্যিক নিৰ্বাচন আয়ােগে বিটিচি নিৰ্বাচনৰ দিন ঘােষণা কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত বাক্যবাণ তীব্ৰতৰ হৈ পৰিছে।

বিশেষকৈ বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিতৌ ইজনে-সিজনৰ বিষয়ে নিৰ্বাচনী সভাসমূহত তিৰ্য্যক মন্তব্য কৰা পৰিলক্ষিত হৈছে।

মন্ত্ৰী হিমন্তক প্ৰত্যুত্তৰ দি এইবাৰ হাগ্ৰামা নতুন ৰাজনৈতিক দল খুলিবলৈ মন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাইছে।

বাক্সা জিলাৰ মথনগুৰীত এক নিৰ্বাচনী সভাৰ পাছত সাংবাদিকৰ সৈতে হােৱা সাক্ষাৎকাৰত হাগ্ৰামাই কয় যে হিমন্তই ওপৰে ওপৰে কংগ্ৰেছ বা বিজেপি দল কৰি লাভ নাই।

সাহস আছে যদি নতুন দল খুলি তেওঁ নিজৰ শক্তি দেখুৱাই দিয়ক।

হাগ্ৰামাই কয় যে বিজেপিৰ সভাত বিটিচিৰ বাহিৰৰ পৰা ভাড়াতীয়া লােক আহিছে।

হাগ্ৰামা মহিলাৰীয়ে কয় যে এশজন হিমন্ত আহিলেও বিটিচিত বিজেপিয়ে চৰকাৰ কৰিব নোৱাৰে।