নতুন গাড়ী লৈ মন্দিৰলৈ পূজা আগবঢ়াবলৈ যোৱাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা! প্ৰাণ গ’ল পিতৃ, পুত্ৰ-কন্যাৰ

নিউজ ডেস্কঃ নতুন গাড়ী কিনি পৰিয়ালৰ সৈতে মন্দিৰত পূজা আগবঢ়াবলৈ যোৱাৰ পথতে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল পিতৃ আৰু পুত্ৰ-কন্যাৰ! এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে পুনে-বাংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কলহাপুৰ জিলাৰ কিনি গাঁৱত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মাত্ৰ ডেৰ মাহ পূৰ্বে লোৱা এছইউভি বাহনখন লৈ বাংগালুৰৰ ত্ৰিলেশ কুমাৰ চিয়ে পৰিয়ালৰ সৈতে শিৰদিলৈ পূজা আগবঢ়াবলৈ গৈ আছিল।

kolhapur
নতুন গাড়ী লৈ মন্দিৰলৈ পূজা আগবঢ়াবলৈ যোৱাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা! প্ৰাণ গ’ল পিতৃ, পুত্ৰ-কন্যাৰ 2

শনিবাৰে পুৱা তেওঁলোকে শিৰদি অভিমুখে গৈ থকাৰ সময়তে কলহাপুৰ জিলাৰ কিনি গাঁৱত ৰাস্তাৰ কাষত ৰখাই থোৱা এখন কণ্টেইনাৰত তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাত ত্ৰিলেশ (৪২)ৰ লগতে কন্যা সঞ্জনা মহেশ্বৰী (২৭) আৰু পুত্ৰ জিথ্যা ত্ৰিলেশ (১১)ৰ থিতাতে মৃত্যু ঘটে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ত্ৰিলেশৰ পত্নী অৰিণী এন।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এপিআই ভীমগোন্দা পাটিলৰ অধীনস্থ বডগাঁও আৰক্ষী থানাৰ আৰক্ষী দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু কিনি টোল প্লাজাৰ স্থানীয় লোক আৰু কৰ্মচাৰীৰ সহায়ত আহত মহিলাগৰাকীক কলহাপুৰৰ চিপিআৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।