নতুন কৌশল! কন্টেইনাৰ ট্ৰাকত সৰবৰাহ চােৰাং গৰু, জব্দ

নিউজ ডেস্ক। ৰাজ্যত গাে-সুৰক্ষা আইন বলৱৎ হােৱাৰ পাছতে অসম আৰক্ষীয়ে গৰুৰ চােৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

ইয়াৰ মাজতে চােৰাং বেপাৰীয়েও সলনি কৰিছে গৰু সৰবৰাহৰ কৌশল।

শুকুৰবাৰে পুৱতি নিশা বিশ্বনাথ আৰক্ষীৰ অভিযানত জব্দ ৫৯টাকৈ বলধ গৰু।

আৰক্ষীৰ চকুত ধূলি দিবলৈ ফুলব’ডি ট্ৰাকৰ পৰিৱৰ্তে কণ্টেনাৰত সৰবৰাহ কৰিছিল চোৰাং গৰু।

বিশ্বনাথ আৰক্ষীৰ অভিযানত জব্দ দুখনকৈ চোৰাং গৰু ভৰ্তি কণ্টেনাৰ।

পুৱতি নিশা বিশ্বনাথ সদৰ আৰক্ষীয়ে তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় চোৰাং গৰু ভৰ্তি কণ্টেনাৰ দুখন।

এক গোপন সূত্ৰৰ পম খেদি বিশ্বনাথ সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ কুমাৰ ৰায়ৰ নেতৃত্বত চলিছিল এই অভিযান।

আজি জব্দ কৰা এইচআৰ-৩৮-আৰ ৭৮৫৫ আৰু এইচআৰ-৩৮-কিউ ৯৮১২ নম্বৰৰ কণ্টেনাৰ দুখনত মুঠ ৫৯ টা বলধ গৰু আছিল।

লখিমপুৰৰ পৰা ৰূপহীহাটলৈ নিয়াৰ পথত জব্দ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে কণ্টেনাৰ দুখনৰ চালক নগাঁও ৰূপহীহাটৰ আশ্ৰাফুল ইছলাম আৰু বিহাৰৰ বিকাশ কুমাৰক আৰক্ষীয়ে আটক কৰে।

উক্ত চোৰাং গৰু ব্যৱসায়ৰ লগত বৃহৎ চক্ৰ জড়িত হৈ থকাৰ সন্দেহ।

দীৰ্ঘদিন ধৰি সামগ্ৰী কঢ়িওৱাৰ আলমত কণ্টেনাৰৰ যোগেদি বহিঃৰাজ্যৰ লগতে বাংলাদেশলৈও গৰু সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ আৰক্ষী প্ৰশাসনৰ।

Leave a Comment