নতুন ক’ভিড SOP ঘােষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড-১৯ৰ সংক্ৰমণ।

সমগ্ৰ দেশতে ক’ভিড-১৯ৰ তৃতীয় ঢৌৰ মাজতে অসম চৰকাৰেও সংক্ৰমণ ৰােধ কৰাৰ লক্ষ্যৰে ঘােষণা কৰিছে নতুন SOP ।

লকডাউন নহয়, কিন্তু কঠোৰ বাধা-নিষেধেৰে ঘোষণা কৰা হল নতুন এছঅ’পি। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে কোভিডৰ নতুন এছঅ’পি।

উল্লেখ্য যে, এই এছঅ’পি শনিবাৰে পুৱা ৬ বজাৰ পৰা ৰাজ্যত কাৰ্যকৰী হব।

নতুন এছঅ’পি অনুসৰি, নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বাহাল থাকিব নৈশ সান্ধ্য আইন। নিশা ৯.৩০ বজাৰ লগে লগে সম্পূৰ্ণ ৰূপে বন্ধ কৰিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠান।

১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা অথবা এটা ভেকচিন লোৱা সকলৰ বাবে হ’ব সম্পূৰ্ণ কাৰ্ফিউ।

চিটী বাছ, মটৰচাইকেলত কেৱল দুটা ভেকচিন লোৱা সকলেহে উঠিব পাৰিব। শ্বপিং মল, হোটেল সকলোতে কেৱল দুটা ভেকচিন লোৱাসকলহে যাব পাৰিব।

এই নিয়ম নামানিলে কৰ্তৃপক্ষই ভৰিব লাগিব ২৫ হাজাৰ টকা জৰিমনা।

ইপিনে, শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত নতুন নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে।

সমগ্ৰ ৰাজ্যতে পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধৰ ঘােষণা কৰা হৈছে। গুৱাহাটী মহানগৰীত অষ্টম শ্ৰেণীলৈ বন্ধ হ’ব পাঠদান।

আনহাতে চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহ পূৰ্বৰ দৰেই সময়মতে খোলা থাকিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। অৱশ্যে সকলো চৰকাৰী কৰ্মচাৰীয়ে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰিব লাগিব আৰু সময়মতেই কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।

যিসকল কৰ্মচাৰীয়ে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰা নাই তেওঁলোকে কাৰ্যালয়ত উপস্থিত থাকিব নোৱাৰিব। কাৰ্যালয়ত উপস্থিত নথকা কৰ্মচাৰীয়ে ছুটী ল’ব লাগিব। কিন্তু যিসকলে ছুটী ল’ব নোৱাৰে তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ’ব।

আনফালে ৰেষ্টুৰেণ্ট আৰু হোটেলসমূহ ৫০ শতাংশ গ্ৰাহকৰ উপস্থিতিৰে খুলিব পাৰিব। ৰেষ্টুৰেণ্ট, ধাবা আদিৰ পৰা খাদ্য সামগ্ৰী নিশা ১০ বজাৰ পৰ্যন্ত ডেলিভাৰ কৰিব পাৰিব। শ্ব’ৰুম সমূহো নিশা ৯ বজালৈকে খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হৈছে।

নতুন এছঅ’পি অনুসৰি, সকলো চালক আৰু যাত্ৰীয়ে মানি চলিব লাগিব কোভিড প্ৰ’টকল। সকলো বাহনতে ১০০ শতাংশ যাত্ৰীয়ে ভ্ৰমণ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে যদিও সকলোৱে অতি কমেও এটা ভেকচিন গ্ৰহণ কৰিব লাগিব।

কোনো বাহনতে থিয় কৰি যাত্ৰী কঢ়িয়াব নোৱাৰিব। কোনো বাহনত যাত্ৰী থিয় হৈ গ’লে চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে বাহনৰ পঞ্জীয়ন বাতিল কৰা হ’ব।

সেইদৰে বাইক, স্কুটিত চালক আৰু আৰোহী দুয়োজনেই গ্ৰহণ কৰিব লাগিব ভেকচিন। লগতে দুয়োজনৰ বাবে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।

ইফালে, নতুন এছঅ’পিত বিদ্যালয় খোলা ৰখাক লৈও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। কামৰূপ মহানগৰ জিলাত অষ্টম শ্ৰেণীলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। আনহাতে অন্যান্য জিলাত পঞ্চম শ্ৰেণীলৈকে সকলো শ্ৰেণীৰে পাঠদান বন্ধ থাকিব।

বিদ্যালয়, কলেজ, বিশ্ববিদ্যালয় আদিৰ পাঠদান অনলাইন মাধ্যমেৰে সম্পন্ন কৰাৰ নিৰ্দেশ দিয়া হৈছে এই এছঅ’পিত।

আনহাতে, সকলো স্থানতে ৫০ শতাংশ লোকৰ উপস্থিতিত সভা, সমিতি আদি অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছে। অডিটৰিয়াম, হল আদিত সৰ্বাধিক ২০০ লোকহে উপস্থিত থাকিব পাৰিব।

সকলো জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগে মুকলি আৰু বন্ধ স্থানত অনুষ্ঠিত সভাত কিমান লোক উপস্থিত থাকিব সেই সম্পৰ্কে সিদ্ধান্ত ল’ব পাৰিব।

সেইদৰে, নতুন এছঅ’পি মতে, বিবাহ আৰু ধৰ্মীয় অনুষ্ঠানত ২০০ তকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব। সম্পূৰ্ণ ভেকচিন গ্ৰহণ কৰা সৰ্বাধিক ৬০ গৰাকী লোক মুখ্য ধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকিব পাৰিব। অন্যান্য ধৰ্মীয় অনুষ্ঠানত ৪০ জনতৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব। শেষকৃত্য অনুষ্ঠানত ১০০ ত কৈ অধিক লোকে নোৱাৰিব অংশ লব।

আনফালে, সপ্তাহিক বজাৰসমূহ দিনত ৬ ঘণ্টাতকৈ অধিক সময় খোলা ৰখাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। চিনেমা হল আদি ৫০ শতাংশ দৰ্শকৰ উপস্থিতিৰে খুলিব পাৰিব।

আনহাতে এতিয়াৰে পৰা সকলো কোভিড আক্ৰান্তৰে পৰীক্ষা অমিক্ৰন হিচাপে কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে জানিবলৈ দিয়া মতে এতিয়াৰে পৰা কোভিড চিকিৎসাৰ বাবদ ধন ব্যয় কৰিব লাগিব ৰোগীয়ে। অৱশ্যে বি পি এল কাৰ্ড থকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক আৰু জৰুৰী অৱস্থাত কোভিড পজিটিভ হৈ চিকিৎসাধীন হোৱা সকলৰ বাবে বিনামূলীয়া হব এই চিকিৎসা।

নতুন এছঅ’পিত ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। তদুপৰি ৰাজহুৱা স্থানত ভেকচিন গ্ৰহণ নকৰা লোকক ১০০০ টকাৰ জৰিমনা বিহাৰ সিদ্ধান্ত লোৱা হৈছে।

আনফালে ভেকচিন গ্ৰহণ নকৰা লোক ১৫ জানুৱাৰীৰ পাছত ৰাজহুৱা স্থানত উপস্থিত থাকিব নোৱাৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। সকলো লোকে সম্পূৰ্ণৰূপে ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণ লগত ৰাখিব লাগিব।

ইফালে, নতুন এছঅ’পি অনুসৰি কোনো এটা অঞ্চলত যদি ৭ দিনত কোভিড আক্ৰান্তৰ সংখ্যা ১০ জনতকৈ বৃদ্ধি পাই তেনেহ’লে সেই অঞ্চলটোক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হ’ব। কণ্টেইনমেণ্ট জ’নত অৱশ্যে সকলো ধৰণৰ অত্যৱশ্যকীয় সেৱা অব্যাহত থাকিব।

কণ্টেইনমেণ্ট জ’নত গেলা মালৰ দোকান, ফল-মূলৰ দোকান, শাক-পাচলিৰ দোকান খুলিব পাৰিব। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাদ্য, ঔষধ, চিকিৎসা সামগ্ৰী ই-কমাৰ্চৰ ব্যৱস্থা অব্যাহত থাকিব কণ্টেইনমেণ্ট জ’নত।

Leave a Comment