NEWS8 NorthEast

নতুন আঞ্চলিক দল ‘অসম জাতীয় পৰিষদ’ক লৈ আশাবাদী অভিনেত্ৰী বৰষাৰাণী বিষয়া !

বহু প্ৰতিক্ষাৰ অন্ত পেলাই অৱশেষত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গৰ্ভত অংকুৰিত হ’ল নতুন আঞ্চিলক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ।’

‘অসম জাতীয় পৰিষদ’ গঠন হোৱাৰ পাছতে ৰাজ্যৰ বহুজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এইবাৰ নতুন দলটোক লৈ প্ৰতিক্ৰিয়া প্ৰকশা কৰিছে ‘কা’ আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিয়া জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই।

ৰাজ্যত নৱ গঠিত আঞ্চলিক দল ‘অসম জাতীয় পৰিষদ’ক লৈ অভিনেত্ৰী গৰাকীয়ে কয়- ‘নতুন দলক লৈ মই আশাবাদী।ভৱিষ্যতে কি উত্তৰ পাম ,সেইয়া পাছতহে গম পাম।’

অভিনেত্ৰী গৰাকীয়ে লগতে কয় মই প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত নহওঁ। কেৱল সংস্কৃতিৰ সাধনাতহে জড়িত থাকিব।’

আজি জাতি সংকটত আছে বুলি উল্লেখ কৰি লগতে অভিনেত্ৰীগৰাকীয়ে সকলো ভোটাৰকে ৰাজনৈতিকভাৱে সজাগ হোৱাৰ লগতে জাতি ২০২১ চনত ৰক্ষা পৰিবলে খিলঞ্জীয়া লোকৰ হাততে তাৰ দায়িত্ব আছে বুলি কয়।

লগতে কয়- নতুন দলটো খুলিছে। সকলো ওলাই আহিছে জাতিৰ হকে কাম কৰিম বুলি। গতিকে অনাগত দিনত দেখা যাওঁক কি হয়। প্ৰত্যক্ষ ৰাজনীতিত জড়িত হোৱাৰ বাবে মই মানসিকভাৱে প্ৰস্তুত হোৱা নাই।’

Skip to toolbar