Skip to toolbar
Mon. Sep 21st, 2020

নগাঁৱৰ জুৰীয়াত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু।

লাওখোৱা অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা হাতীটো এঘাৰ হেজাৰ ভল্টৰ বিদ্যুৎপৰিবাহী তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ মুখত পৰে।

জুৰীয়াৰ গংগাৰাম ঘাটৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

বিদ্যুৎস্পৃষ্ট হৈ সমীপৰ এটা পুখুৰীত পৰি যায় হাতীটো।

প্রায় ৭জনীয়া হাতীৰ এটা দল ওলাই আহিছিল অভয়াৰণ্যৰ পৰা।

নগাঁও জিলাৰ বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবেই হাতীটোৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

তাঁৰ ওলমি থকাৰ পিছতো দীৰ্ঘদিনে মেৰামতি নকৰাৰ অভিযোগ উত্থাপন হৈছে।