নকল সুৰা পান কৰি মানুহ মৰিছে, ভালহে… জনসংখ্যা হ্ৰাস হৈছেঃ বিধায়ক

নিউজ ডেস্ক। বিতৰ্কিত মন্তব্যৰে প্ৰায়ে চৰ্চাত থকা বিহাৰৰ জনতা দল ইউনাইটেডৰ বিধায়ক গোপাল মণ্ডলৰ আন এক মন্তব্যই সূত্ৰপাত ঘটাইছে বিতৰ্কৰ।

নকল সুৰা পান কৰি মৃত্যু ঘটা লোকক লৈ কৰা বিধায়কজনৰ মন্তব্যৰ বাবে সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছে তেওঁ।

1-1509178184

দৰাচলতে বিগত কিছু সময়ত বিহাৰত নকল বিষাক্ত সুৰা পান কৰি কেইবাজনো লোকৰ মৃত্যু ঘটিছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক গোপাল মণ্ডলে কয়, “সীমাসমূহ ছীল কৰাৰ ফলত কম সুৰা বিহাৰলৈ সৰবৰাহ হৈছে। এই সুৰা পথাৰৰ মাজেৰে সৰবৰাহ কৰা হয়। কোনোবাই এনেদৰে তৈয়াৰ কৰা সুৰা পান কৰিব, কাৰোবাৰ মৃত্যু হ’ব।’’

গোপাল মণ্ডল ইয়াতে ক্ষান্ত নাথাকি পুনৰ কয় যে এনে সুৰা পান কৰি মানুহ মৰি আছে, তেন্তে ভালহে হৈছে। ঠাই খালী থাকিব লাগে। যদি তেওঁলোকে এনেদৰে মৃত্যু বৰণ কৰি থাকে, জনসংখ্যাও হ্ৰাস পাব।

বিতৰ্কিত বিধায়কজনে কয়, “যেতিয়া মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বাৰণ কৰিছে, তেন্তে আপুনি কিয় সুৰা পান কৰে? নীতিশ কুমাৰে ইতিমধ্যে কৈছে যে সুৰাপান কৰি মানুহ মৰিব। মানুহে কিয় সুৰাপান কৰে, মৰিবলৈ, ঠাইখন খালী হ’ব লাগিব। যদি তেওঁলোকে এনেদৰে মৃত্যু বৰণ কৰি থাকে, জনসংখ্যা হ্ৰাস হ’ব।’’

2-2

বিধায়ক গােপাল মণ্ডল

উল্লেখ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ গৃহ জিলা নালন্দাত নকল সুৰাৰ পানৰ ফলত কেইবাজনো লোকৰ মৃত্যু হৈছে। প্ৰায় দুমাহ পূৰ্বে, সমস্তিপুৰ, বেতিয়া আৰু গোপালগঞ্জতো নকল সুৰাৰ ফলত প্ৰায় ৪০ জন লোকৰ মৃত্যু হৈছিল।

ইয়াৰ পিছত, মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এখন বিশেষ বৈঠক আহ্বান কৰিছিল। বৈঠকৰ অন্তত নকল সুৰাৰ বিক্ৰী-সৰবৰাহৰে জড়িত কেইবাজনো লোকক আৰক্ষীয়ে আটক কৰে।

প্ৰণিধানযোগ্য যো, যোৱা বছৰ বিহাৰত নকল সুৰাৰ ফলত প্ৰায় ৬৬ জন লোক নিহত হয়। এফালে সুৰা নিষিদ্ধ কৰা আৰু ৰাজ্যখনত আনফালে নকল সুৰাৰ ফলত হোৱা মৃত্যুৰ মাজতে বিৰোধী দল আৰু আনকি বিজেপি নেতাসকলেও নিষিদ্ধকৰণ আইনৰ ব্যৱস্থাসমূহৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

নীতিশ চৰকাৰে শেহতীয়াকৈ আইনৰ কিছুমান ব্যৱস্থা সংশোধন কৰাৰ কথাও কৈছে যাৰ অধীনত সুৰা বিক্ৰী কৰা সকলৰ তুলনাত সুৰাপান কাৰীসকলৰ ওপৰত কিছু শিথিল হোৱাৰ কথা কোৱা হৈছে।

Leave a Comment