ধৰ্ষণকাৰীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ৰায়দান, বিহিলে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা…

ধৰ্ষণকাৰীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ৰায়দান দক্ষিণ শালমাৰা-মানকাচৰ জিলা-সত্ৰ ন্যায়ালয়ৰ।

নাবালিকা বলাৎকাৰী মোস্তাফিজুৰক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে বিহিলে ২০ হাজাৰ টকা জৰিমনা। জৰিমনা অনাদায়ে ছমাহৰ অতিৰিক্ত কাৰাবাস।

২০১৯ চনৰ নৱেম্বৰত সংঘটিত কৰিছিল বৰ্বৰ কাণ্ডটো আমি ন্যায় পালোঁ : দুৰ্ভগীয়াৰ পিতৃ

উল্লেখ্য যে, ২০১৯ চনৰ ৭ ছেপ্টেম্বৰৰ নিশা প্রায় ৮ বজাত জিলাখনৰ সুখচৰ থানা এলেকাৰ বৰবালু গাঁৱৰ বানেজ উদ্দীনৰ পুত্ৰ মোস্তাফিজুৰ ৰহমানে গাঁওখনৰে এগৰাকী ১৩ বছৰীয়া নাবালিকাক বৰবালু চৰকাৰী এল পি স্কুলত ধৰ্ষণ কৰে।

ঘটনাক লৈ ভুক্তভোগী পৰিয়ালে সুখচৰ থানাত এহাজাৰ দাখিল কৰে।

আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত মোস্তাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি ধুবুৰী জে’ললৈ প্ৰেৰণ কৰাৰ পাছৰে পৰা আদালতত গোচৰটো চলি আছিল।

অৱশেষথ দক্ষিণ শালমাৰা-মানকাচৰ জিলা সত্ৰ আৰু ন্যায়াধীশ আদালতৰ ন্যায়াধীশ চৈয়দ ইমদাদুল ৰহমানে মোস্তাফিজুৰ ৰহমানক দোষী সাব্যস্ত কৰি ২০ বছৰৰ বাবে সশ্ৰম কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকা জৰিমনা বিহে।

মোস্তাফিজুৰ ৰহমানে জৰিমনা আদায় দিব নোৱাৰিলে অতিৰিক্ত ৬ মাহৰ কাৰাবাস খাটিব লাগিব বুলিও আদালতে ৰায় প্ৰদান কৰে।

আদালতৰ এই গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক ৰায়দানৰ পাছত ভুক্তভোগী নাবালিকাৰ পিতৃয়ে ন্যায় পোৱা বুলি সন্তুষ্টি প্ৰকাশ কৰিছে।