
নিউজ ডেস্কঃ কলিয়াবৰত বৃদ্ধি পাইছে বাইক চোৰৰ সন্ত্ৰাস। ইয়াৰ মাজতে বৃহস্পতিবাৰে মিছা আৰক্ষী চকীৰ অন্তৰ্গত মিছা চাহ বাগিচাৰ মাজত উদ্ধাৰ হ’ল তিনিখনকৈ চুৰি বাইক।
চাহ বাগিচাৰ ভিতৰত পৰিত্যক্ত হৈ পৰি থকা বাইক কেইখন যোৱা ১১ আগষ্টত মিছা অঞ্চলৰ পৰা চুৰি হোৱা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, উদ্ধাৰ হোৱা এএছ ০২এইচ ৯৭৩৫ আৰু এএছ ০২ৱাই ৪৬৯০ নম্বৰৰ বাইক দুখন যোৱা ১১ আগষ্টত মিছা ভূঞাপট্টিৰ এঘৰৰ পৰা চোৰে চুৰি কৰি নিছিল। আনহাতে এএছ ০২এইচ ১৬৩৬ নম্বৰৰ আনখন বাইক একে দিনাই মিছা বজাৰ গৃহৰ পৰা চুৰি কৰিছিল চোৰে।

আৰক্ষীয়ে চুৰি কাণ্ড সন্দৰ্ভত অভিযান চলোৱাৰ সময়তে ভয়ত চোৰে চাহ বাগিচাৰ মাজত এনেদৰে বাইক তিনিখন এৰি থৈ যোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। অৱশ্যে চুৰি কাণ্ড সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই।
মিছা আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, শালনা আৰক্ষী চকী এলেকাৰ ৰেকাপাহাৰৰ এটা চোৰৰ দলে মিছা অঞ্চলত এই চুৰিকাণ্ড সংঘটিত কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ পিছতে চোৰৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছিল। যাৰ বাবে হাতে-লোটে ধৰাৰ পৰাৰ ভয়তে চোৰে বাইক তিনিখন এৰি পলায়ন কৰাৰ সন্দেহ কৰা হৈছে।
বৃহস্পতিবাৰে পুৱা চাহ বাগিচাত কাম কৰা মহিলাই বাইক কেইখন পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনীৰ জৰিয়তে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চুৰি বাইক কেইখন উদ্ধাৰ কৰি থানালৈ লৈ আনে।