fbpx
অসমীয়াঅসম

ধৰণী জীপাল কৰিবলৈ আহিছে বাৰিষা! অহা ২৫ ফেব্ৰুৱাৰীলৈকে অসম তথা উত্তৰ-পূবত বৰষুণৰ সম্ভাৱনা…

নিউজ ডেস্কঃ ধৰণী জিপাল কৰি নামি আহিছে বাৰিষা।

মঙলবাৰৰ দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দি থকা কিনকিনিয়া বৰষুণ জাকৰ মাজতে বাৰিষাৰ আগজাননী দিলে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে, বুধবাৰেও অসমৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত ডাৱৰীয়া হৈ থাকিব বতৰ।

উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ আৰু নাগালেণ্ডৰ ঠায়ে ঠায়ে কিনকিনিয়া বৰষুণ আৰু ঠায়ে ঠায়ে প্ৰবল বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি অহা ২৫ ফেব্ৰুৱাৰী পৰ্যন্ত পাতল বা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে অসমৰ লগতে মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰাৰ বিভিন্ন প্ৰান্তত।

উল্লেখ্য যে, মঙলবাৰে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা যায় কিনকিনিয়া বৰষুণৰ প্ৰভাৱ।

Related Articles

Back to top button