ধোনীৰ নেতৃত্বত ২০২১ বৰ্ষৰ আই পি এলৰ খিতাপ দখল ‘চেন্নাই ছুপাৰ কিংছ’ৰ…

ধোনীৰ নেতৃত্বত ২০২১ বৰ্ষৰ আই পি এলৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’ল ‘চেন্নাই ছুপাৰ কিংছে’।

শুক্ৰবাৰে নিশা অনুষ্ঠিত হৈ যোৱা ২০২১ বৰ্ষৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত চেম্পিয়ন হয় দলটো।

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে চেন্নাই দলটোৱে।

Capture 40

২৭ ৰানৰ ব্যৱধানত কলকাতা নাইট ৰাইডাৰ্ছক পৰাজয়ৰ মুখ দেখুৱাই চেন্নাই ছুপাৰ কিংছে।

ৰোমাঞ্চকৰ খেলখনত দুয়োটা দলেই সুন্দৰ যুঁজ আগবঢ়াই যদিও অৱশেষত শেষ হাঁহি মাৰে ধোনী বাহিনীয়ে।

ধোনীৰ নেতৃত্বত চতুৰ্থ বাৰলৈ আই পি এলৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ‘চেন্নাই ছুপাৰ কিংছে’।

উল্লেখ্য যে, চেন্নাই ছুপাৰ কিংছে ২০১০, ২০১১ আৰু ২০১৮ চনত ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ খিতাপ দখল কৰিছিল।

Leave a Comment