
নিউজ ডেস্কঃ এতিয়াৰে পৰা অধিক ব্যয়বহুল হ’ব ধুম্ৰপান।
বুধবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত দাখিল কৰা বাজেটত চিগাৰেটৰ ওপৰত শুল্ক বৃদ্ধিৰ লগে লগে বৃদ্ধি পোৱাটো নিশ্চিত হৈছে চিগাৰেটৰ দাম।
বিত্তমন্ত্ৰীগৰাকীয়ে সদনৰ বাজেট ভাষণত ঘোষণা কৰা মতে, চিগাৰেটৰ ওপৰত বৃদ্ধি কৰা হ’ব ১৬ শতাংশ কৰ।
কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চিগাৰেটৰ ওপৰত কৰ বৃদ্ধিৰ কথা ঘোষণা কৰাৰ পিছতে বুধবাৰে বিএছইত গডফ্ৰে ফিলিপছ ইণ্ডিয়া আৰু আইটিচি লিমিটেডকে ধৰি চিগাৰেট কোম্পানীসমূহৰ শ্বেয়াৰ ৫ শতাংশ পৰ্যন্ত হ্ৰাস পোৱা পৰিলক্ষিত হয়।
বিএছইত গডফ্ৰে ফিলিপছৰ ষ্টক ৪.৯২ শতাংশ পৰ্যন্ত হ্ৰাস পাই ১৮২৮.৭৫ টকা হোৱাৰ বিপৰীতে গোল্ডেন ট’বেক’ৰ শ্বেয়াৰ ৩.৮১ শতাংশ হ্ৰাস পাই ৫৯.৪ টকা হয়।
একেদৰে আইটিচিৰ শ্বেয়াৰ ০.৭৮ শতাংশ হ্ৰাস পাই ৩৪৯ টকা হৈছেগৈ এই মুহূৰ্তত।
সমান্তৰালভাৱে এনটিচি ইণ্ডাষ্ট্ৰীজৰ ১.৪ শতাংশ আৰু ভিএছটি ইণ্ডাষ্ট্ৰীজৰ ০.৩৫ শতাংশ ষ্টক হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।