অসম
ধুমুহাৰ ফলত বিহুতলীত উভালি পৰিল প্ৰকাণ্ড গছ, আহত ১৭ জনকৈ লোক…

বিহুৰ বতৰত বিধি-পথালি দিছে ধুমুহা-বৰষুণে।
শেহতীয়াভাৱে প্ৰতিদিনে ৰাজ্যত তাণ্ডৱ চলাইছে ধুমুহা-বৰষুণ-শিলাবৃষ্টিয়ে।
ধুমুহা-বৰষুণৰ লত চিৰাঙৰ বিজনীতো সংঘটিত হয় অঘটন৷
নিশা অহা প্ৰচণ্ড ধুমুহাত বিহুতলীত উভালি পৰে প্ৰকাণ্ড গছ৷
সাংস্কৃতিক সন্ধিয়া চলি থকাৰ মাজতে সংঘটিত হোৱা ঘটনাত আহত হয় ১৭গৰাকীকৈ লোক৷
ইয়াৰে ২জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷
গছ ভাঙি ৰভাৰ ওপৰত পৰাৰ বিহুতলীত থকা বাহনৰো বিস্তৰ ক্ষতি হয়।
কামাৰগাঁও ৰঙালী বিহু উদযাপন সমিতিৰ সাংস্কৃতিক সন্ধিয়া চলি থকাৰ সময়তে প্ৰচণ্ড ধুমুহা-বৰষুণে জোকাৰি যায় সমগ্ৰ অঞ্চলটো।
আহতসকলৰ মাজত সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণৰ বাবে যোৱা কেইবাগৰাকী লোকো আছে৷
ইফালে ঘটনাৰ খবৰ পাই দেওবাৰে বিধায়ক অজয় ৰয় বিহুতলীত উপস্থিত হৈ খা-খবৰ লয়৷