অসম

ধুবুৰীৰ শোকাৱহ নাও দুৰ্ঘটনা! দলং নিৰ্মাণকাৰী প্রতিষ্ঠানৰ এজন অভিযন্তাক আটক…

ধুবুৰীৰ নাও দুৰ্ঘটনা সন্দৰ্ভত এজনক আটক।

নিৰ্মাণকাৰী প্রতিষ্ঠান L&Tৰ এজন অভিযন্তাক আটক।

ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণ কাৰ্যত জড়িত প্রতিষ্ঠানটো।

চক্র বিষয়া সঞ্জু দাসক দলঙেৰে পাৰ হোৱাত বাধা প্রদান কৰিছিল।

বাধা প্রদান কৰিছিল অভিযন্তা গৰাকীয়ে।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱাই ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত ধুবুৰীৰ চক্র বিষয়া সঞ্জু দাসৰ লগতে সন্ধানহীন হৈ পৰে বহু লোক।

ধুবুৰীৰ পৰা ফুল’বাৰী সংযোগী দলং নিৰ্মাণৰ কাম চলি থকা আয়ৰন জংলাৰ ব্ৰহ্মপুত্ৰ নৈত সংঘটিত হৈছে এই নাও দুৰ্ঘটনাটো।

দলঙৰ শ্ৰমিকে কোৱা অনুসৰি, চক্ৰ বিষয়া সঞ্জু দাসৰ নেতৃত্বতে ২৯ জনীয়া দলটো নিৰ্মাণাধীন দলঙৰ ওচৰত খহনীয়া পৰীক্ষা কৰিবলৈ গৈছিল।

পাছে প্ৰয়োজনকৈ অধিক ওজন হোৱাত ভাৰসাম্য হেৰুৱাই নদীৰ মাজ পোৱাৰ আগে আগে ডুব যায় নাওখন। লগতে ডুব যায় নাৱত থকা ২৯ গৰাকী লোক।

তাৰেই ভিতৰত ২০ গৰাকী মান লোকে কোনোমতে নদী সাঁতুৰি পাৰলৈ আহে যদিও চক্ৰ বিষয়া সঞ্জু দাসৰ লগতে অন্য কেইবাগৰাকী লুইতৰ বুকুত সন্ধানহীন হৈ পৰে।

Related Articles

Back to top button