
নিউজ ডেস্কঃ বৃহস্পতিবাৰে ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত নাও দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত ২ অভিযন্তাক গ্ৰেপ্তাৰ।
কামত গাফিলতি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে দলং নিৰ্মাণকাৰী কোম্পানী এল এণ্ড টিৰ ২ অভিযন্তাক।
ধৃত অভিযন্তা দুগৰাকী হৈছে ৰাজেশ কুমাৰ যাদৱ আৰু হৰিশ তিৱাৰী।
প্ৰশাসনৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে দুয়োজনকে।
উল্লেখ্য যে, বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰত সংঘটিত হৈছিল এক শোকাবহ নাও দুৰ্ঘটনা।
নিৰ্মীয়মাণ দলঙৰ খুঁটাত খুন্দা মাৰি লুইতৰ বুকুত ডুব গৈছিল এখন যন্ত্ৰচালিত নাও।
দুৰ্ঘটনাৰ পিছতে সন্ধানহীন হৈ আছে নাওখনত থকা ধুবুৰী ৰাজহ চক্ৰ বিষয়া সঞ্জু দাস।
নাওখনত আছিল মুঠ ২৯জন যাত্ৰী। ইয়াৰে ২৮ জনক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে।
সন্ধানহীন হৈ থকা ৰাজহ চক্ৰ বিষয়াগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে।