ধাৰাসাৰ বৰষুণৰ মাজতে ঘৰৰ দেৱাল খহি শিশুসহ একে পৰিয়ালৰ ৭ জনৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। ধাৰাসাৰ বৰষুণৰ মাজতে ঘৰৰ দেৱাল খহি পৰাৰ ফলত শিশুসহ একে পৰিয়ালৰ ৭ জনৰ মৃত্যু হয়।

এই ঘটনা বুধবাৰে সংঘটিত হয় কৰ্ণাটকৰ বেলাগাভি জিলাৰ বাদল-আনকালগি গাঁৱত।

আৰক্ষীৰ সূত্ৰ অনুসৰি, সাতজনৰ ভিতৰত পাঁচজন ঘটনাস্থলীত আৰু দুজন চিকিৎসালয়লৈ যোৱাৰ পথত মৃত্যুবৰণ কৰে।

নিহতসকলৰ ভিতৰত দুটি প্ৰায় ৮ বছৰ বয়সৰ শিশু আছিল।

নিহত সকলক অৰ্জুন খাংগৱী, তেওঁৰ পত্নী সত্যভা খানাগাভি (৪৫), কন্যা লক্ষ্মী (১৭) আৰু পূজা (৮), তেওঁলোকৰ আত্মীয় গংগাভা খানাগাভি (৫০), সবিতা খানাগাভি (২৮) আৰু কাশাভা কোলাপ্পানাভাৰ (৮) বুলি চিনাক্ত কৰা হয়। তেওঁলোক সকলো এটা পৰিয়ালৰ সদস্য।

SFcdsgsfgfh

তেওঁলোক নিৰ্মাণ কৰ্মী আছিল আৰু এটা পুৰণি ঘৰ পুনৰ নিৰ্মাণ কৰি আছিল। তেওঁলোকে ওচৰৰ এটা গোহালিত বাস কৰি আছিল।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ধাৰাসাৰ বৰষুণৰ ফলত দুৰ্বল হৈ পৰা এখন দেৱাল খহি পৰাৰ ফলত তেওঁলোকৰ মৃত্যু হয়। মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই ঘটনাৰ বিষয়ে শোক প্ৰকাশ কৰে আৰু প্ৰতিজন ভুক্তভোগীক ক্ষতিপূৰণ হিচাপে ৫ লাখ টকা ঘোষণা কৰে।

মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই কয়, “বেলাগাভি অট্টালিকা খহি পৰাৰ পিছত জীৱন ৰক্ষা পৰা ভীমাপ্পা নামৰ এজন জীৱিত ব্যক্তিৰ সৈতে মোৰ টেলিফোনযোগে বাৰ্তালাপ হৈছিল। মই তেওঁক জনাইছিলো যে চৰকাৰ তেওঁৰ সৈতে আছে। বেলাগাভিত ঘৰটো খহি পৰাৰ দুৰ্ঘটনাৰ বাবে মই গভীৰভাৱে দুঃখিত। মই প্ৰাৰ্থনা কৰো যে সেই পৰিয়ালৰ সাতজন আত্মাই শান্তি লাভ কৰে।”

লগতে বোম্মাই জিলা ভাৰপ্ৰাপ্ত মন্ত্ৰী গোবিন্দ কাৰ্জলক বৃহস্পতিবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ আৰু জিলাখনৰ উপায়ুক্তক সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

Leave a Comment