ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উত্তৰাখণ্ডত বান বিভীষিকা! এতিয়ালৈ ৮জনৰ মৃত্যু, উটি গ’ল পথত আৱদ্ধ বাহন…

কেৰালা আৰু উত্তৰাখণ্ডত প্ৰকৃতিয়ে ধাৰণ কৰিছে কালৰূপ।

উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত এতিয়া ধাৰাসাৰ বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলনে চলাইছে তাণ্ডৱ।

নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত বাঢ়নি পানীয়ে চালতী নদীৰ ওপৰত নিৰ্মীয়মান অৱস্থাত থকা এখন দলং উটুৱাই নিয়ে। ইতিমধ্যে ইয়াৰে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

বিভিন্ন স্থানত ভূমিস্খলনৰ ফলত ৬জন লোকৰ লগতে এতিয়ালৈ মুঠ ৮জন লোকৰ প্ৰাণ যোৱাৰ খবৰ প্ৰকাশ পাইছে।

লগতে ৰামনগৰত কোছী নদীৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ ফলত কেইবাখনো ৰিজ’ৰ্ট পানীত বুৰ যোৱাৰ বিপৰীতে কেইবাখনো খালী কৰোৱা হৈছে।

কেৱল সেয়াই নহয়। ৰাজ্যখনৰ লামবাগাড নল্লাহৰ সমীপৰ বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথতো আৱদ্ধ হৈ পৰিছে বাহনসমূহ।

মঙলবাৰে পুৱা এই ঘাইপথটোত বৰষুণৰ ফলত পাহাৰৰ ওপৰৰ পৰা বৈ অহা পানীৰ মাজত আৱদ্ধ হৈ পৰে এখন বাহন। আৰু এই বাহনখন উদ্ধাৰ কৰে বৰ্ডাৰ ৰ’ড অৰ্গেনাইজেশ্যন চমুকৈ বিআৰঅ’ই।

ইতিমধ্যে কেৰালা আৰু উত্তৰাখণ্ড দুয়োখন ৰাজ্যতে ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

বতৰ বিজ্ঞান বিভাগে মঙলবাৰে অৰ্থাৎ ১৯ অক্টোবৰৰ বাবেও ৰেড এলাৰ্ট জাৰি কৰিছে। এলাৰ্ট অনুসৰি, ৰাজ্যখনৰ কেইবাটাও অঞ্চলত ধাৰাসাৰ বৰষুণ হ’ব পাৰে।

ইয়াৰ উপৰি প্ৰতিঘণ্টাত ৬০ৰ পৰা ৮০ কিলোমিটাৰ বেগত ধুমুহা অহাৰো সম্ভাৱনা প্ৰকাশ কৰিছে।

Leave a Comment