ধর্ষণ অনিবার্য হ’লে উপভোগ কৰক! কংগ্রেছ বিধায়কৰ মন্তব্যক লৈ তীব্ৰ বিতর্ক

নিউজ ডেস্ক। বিভিন্ন সময়ত দেশৰ একাংশ দায়িত্বশীল লােকে নাৰী সমাজক লৈ বিতৰ্কিত মন্তব্য কৰা কােনাে নতুন কথা নহয়।

কেৱল পুৰুষেই নহয়, একাংশ মহিলা নেত্ৰীয়েও যুৱতী-মহিলাক কেন্দ্ৰ কৰি অবাঞ্ছিত মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰি আহিছে।

এইবাৰ এগৰাকী কংগ্ৰেছ বিধায়কে সকলােকে চেৰাই এনে এটা মন্তব্য কৰিছে, যাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

22

এইবাৰ পৱিত্ৰ বিধায়নসভাৰ মজিয়াত ধর্ষণ সন্দৰ্ভত বিতর্কিত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈছে কর্নাটকৰ এগৰাকী প্রবীণ কংগ্রেছ নেতা তথা বিধায়ক।

বৃহস্পতিবাৰে কর্নাটক বিধানসভাত এই বিতৰ্কিত মন্তব্য কৰে কংগ্ৰেছ বিধায়ক কে আৰ ৰমেশ কুমাৰে।

বিধানসভাৰ শীতকালীন অধিবেশনত তেওঁ কয়, ‘‘ধর্ষণ যেতিয়া অনিবার্য, তেন্তে শুই থাকি উপভোগ কৰা উচিত।’’

তেওঁৰ এই মন্তব্যৰ পাছত হাঁহিত ৰজঞ্জনাই উঠে বিধানসভাৰ সংসদ ভৱন।

জানিব পৰা মতে, কৃষকসকলৰ বিষয়ক লৈ আলোচনাৰ বাবে সময় বিচাৰিছিল কংগ্রেছ নেতাসকলে। তেতিয়া বিধানসভাৰ অধ্যক্ষই কয়, সকলোতে সময় দিলে বিধানসভাৰ কাম কি হ’ব।

বিশ্বেশ্বৰে কয়, ‘‘আপোনালোকে যি সিদ্ধান্ত ল’ব মই তাতেই সন্মতি দিম। ম‌ই ব্যৱস্থাৰ পৰিৱর্তন বা নিয়ন্ত্রণটো কৰিব নোৱাৰিম। সেয়ে পৰিস্থিতি উপভোগ কৰিব লাগিব।’’

অধ্যক্ষৰ এই কথাৰ পাছতেই কংগ্রেছ নেতা ৰমেশে ধর্ষণৰ স’তে বিষয়টো তুলনা কৰি এই বিতর্কিত মন্তব্য কৰে।

অৱশ্যে এই মন্তব্যৰ পাছত বিতর্ক সৃষ্টি হ‌ওঁতেই ক্ষমা বিচাৰে কংগ্রেছ বিধায়কজনে। তেওঁ তেওঁৰ টুইটাৰত লিখে, ‘ধর্ষণ সন্দৰ্ভত ম‌ই বিধানসভাত যি মন্তব্য কৰিছো তাৰ বাবে সকলোৰে পৰা ক্ষমা বিচাৰিছো। ঘৃণনীয় অপৰাধক আলোকিত কৰা মোৰ উদ্দেশ্য নাছিল। শব্দ চয়নৰ ক্ষেত্রত ভৱিষ্যতে ম‌ই সতর্ক হ’ম।’

ইপিনে, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও এই মন্তব্যক টুইট কৰি গৰহিণা দিয়ে।

জ্যেষ্ঠ বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়েও বিধানসভাৰ পৱিত্ৰ মজিয়াত এজন কংগ্ৰেছ বিধায়কে কৰা এনে নিকৃষ্ট মন্তব্যক চােকা সমালােচনা কৰাৰ লগতে কংগ্ৰেছ দলৰ পৰাই তেওঁক বহিষ্কাৰ কৰিবলৈ দাবী জনায়।

লগতে চাওকঃ

দুৰ্ঘটনাগ্ৰস্ত বাহন মুকলি কিৰ দিয়াৰ নামত উৎকোচ লৈ আটক SI ছাৰ!

Leave a Comment