ধন দেখি লোভ সামৰিব নোৱাৰিলে ঘৰুৱা কৰ্মচাৰীয়ে! মালিকৰ ঘৰৰ পৰা ২৬ লাখ টকা চুৰি কৰি হ’ল আটক…

নিউজ ডেস্কঃ অৱশেষত আৰক্ষীৰ জালত পৰিল ব্যৱসায়ীৰ ঘৰৰ পৰা লাখ লাখ টকা চুৰি কৰা এজন ঘৰুৱা কৰ্মচাৰী।

বৰপেটাৰ হাউলী আৰক্ষীয়ে তদন্ত চলাই চুৰি ধনসহ আটক কৰিবলৈ সক্ষম হয় চোৰটোক।

ধৃত চোৰটোৰ নাম বিহাৰৰ ৰোহিত কুমাৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, শুকুৰবাৰে সংঘটিত হৈছিল এই চুৰিকাণ্ড।

হাউলীৰ মধু বৈশ্য পথত থকা নৱৰত্ন নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত জমা কৰি ৰখা ২৬ লাখ টকা চুৰি কৰিছিল তেওঁৰেই ঘৰত কাম কৰা যুৱক ৰোহিত কুমাৰে।

তিনি ব্যৱসায়ী প্ৰমোদ, নৱৰত্ন আৰু দ্বীৰাজৰ আছিল এই ধনখিনি।

ইফালে সন্ধিয়া এই চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতে ব্যৱসায়ী কেইজনে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত চলাই আটক কৰে ৰোহিত কুমাৰক।

ইতিমধ্যে যুৱকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে চুৰি কৰা সমুলঞ্চে ধন।

জানিব পৰা মতে, বিগত ৭ বছৰ ধৰি নৱৰত্ন নামৰ ব্যৱসায়ীজনৰ ঘৰত কাম কৰি আহিছিল বিহাৰৰ বাসিন্দা ৰোহিত কুমাৰে।

কিন্তু শুকুৰবাৰে মালিকৰ ঘৰত ইমান ধন দেখি লোভ সামৰিব নোৱাৰি চুৰিকাণ্ড সংঘটিত কৰে ৰোহিতে।

ইয়াৰ পিছতে চুৰি কৰা টকাখিনি কাষৰ জংঘলত লুকুৱাই ৰাখিছিল যুৱকজনে।