দ খাৱৈত পৰিল এল্ট’ গাড়ী, একে পৰিয়ালৰ ৫ জনৰ মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। চলন্ত অৱস্থাত থকা এখন এল্ট’ গাড়ী বাগৰি পৰিল প্ৰায় ৪০০ মিটাৰ তলৰ দ’ খাৱৈত। যাৰ ফলত একেটা পৰিয়ালৰে পাঁচজন ব্যক্তি দুৰ্ঘটনাটোত মৃত্যু হয়।

এই ঘটনা বৃহস্পতিবাৰে পুৱা সংঘটিত হয় উত্তৰাখণ্ডত ডেৰাডুন জিলাৰ চক্ৰতাৰ টিয়ুনি অঞ্চলত।

প্ৰতিবেদন অনুসৰি, একেটা পৰিয়ালৰ পাঁচজন ব্যক্তি এখন অল্টো গাড়ীত গৈ আছিল।

ইয়াৰে কিছু ব্যক্তিগত কামৰ বাবে গৈ আছিল। যেতিয়া গাড়ীখন বৃহস্পতিবাৰে পুৱতি নিশা বনপুৰ ৰোড পায়, তেতিয়াই সংঘটিত হয় এই কৰুণ ঘটনাটো।

জানিব পৰা মতে, দুৰ্ঘটনাটোত পাঁচজন লোকৰ মৃত্যু হয়। মৃতসকলৰ ভিতৰত এগৰাকী মহিলা, তিনিজন পুৰুষ আৰু এগৰাকী কিশোৰ আছিল।

ঘটনাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু প্ৰশাসনৰ লোক। আৰক্ষীৰ এটা দলে উদ্ধাৰ অভিযান চলায়। স্থানীয় লোকসকলৰ সহায়ত মৃতদেহ সমূহ খাৱৈৰ পৰা উলিয়াই অনা হয়।

ঘটনাস্থলীত পঞ্চায়ত নামা ভৰ্তি কৰাৰ পিছত মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে তয়ুনি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহবোৰ পৰিয়ালৰ লোকক হস্তান্তৰ কৰা হয়।

মৃতসকলক সঞ্জয় (৪৯), বাবলি দেৱী (৪৪), নিখিল (১৩), জগদীশ (৩৪), অমিত (২৩) বুলি চিনাক্ত কৰা হয়।

Leave a Comment