দৰ্জীৰ কু-কাণ্ড! গোপনে ৰেকৰ্ডিং কৰিলে যুৱতীৰ কাপোৰ সলোৱা ভিডিঅ’…

বস্ত্ৰনগৰী শুৱালকুছিত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড।

কাপোৰ চিলাই কৰা এজন দৰ্জীয়ে চেঞ্জিং ৰুমত কাপোৰ সলনি কৰি থকা অৱস্থাত এগৰাকী যুৱতীৰ ভিডিঅ’ ৰকৰ্ডিং কৰাক লৈ তীব্ৰ চাঞ্চল্য।

শুৱালকুছিৰ বহু যুৱতীৰ কাপোৰ সলনি কৰাৰ ভিডিঅ’ আছে দৰ্জি আজিজুৰ ৰহমানৰ মোবাইল ফোনত।

এই ঘটনা সংঘটিত হৈছে শুৱালকুছি কলিতাপাৰাস্থিত ফেশ্বন লেডিজ কৰ্ণাৰ নামৰ দোকানখনত।

অভিযুক্ত দৰ্জীজনৰ নাম আজিজুৰ ৰহমান।

প্ৰায়েই দোকানখনলৈ কাপোৰ চিলাবলৈ অহা যুৱতী আৰু মহিলাৰ ভিডিঅ’ গোপনে সংগ্ৰহ কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত এগৰাকী ভুক্তভোগীৰ আত্মীয়ই দাখিল কৰিছে এজাহাৰ।

উক্ত এজাহাৰৰ ভিত্তিত দৰ্জী আজিজুৰ ৰহমানক আটক কৰিছে শুৱালকুছি আৰক্ষীয়ে। লগতে আৰক্ষীয়ে জব্দ কৰিছে দৰ্জীজনৰ মোৱাইল ফোন। লগতে আজিজুৰৰ সহযোগি আব্দুল আলীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আজিজুৰৰ মোবাইল ফোনত ইতিমধ্যে পোৱা গৈছে বহুতো আপত্তিজনক ভিডিঅ’। দৰ্জী আজিজুৰে ইতিমধ্যে কেমেৰাৰ সন্মুখত স্বীকাৰ কৰিছে সকলো ঘটনা।

আৰক্ষীয়ে সদ্যহতে দৰ্জীৰ দোকানখন বন্ধ কৰি ৰাখিছে।