fbpx
ৰাষ্ট্ৰীয়অসমীয়া

দৰাৰ শিৰত সেন্দুৰ দিলে কইনাই, ‘কন্যাদান’ৰ দৰে সম্পন্ন হ’ল ‘বৰ দান’ প্ৰথাও!

নিউজ ডেস্ক। সময়ৰ লগে লগে সলনি হয় পৰম্পৰা।

পূৰ্বৰ পুৰুষপ্ৰধান সমাজত অধিকাংশ ৰীতি-নীতি সম্পাদন কৰা হৈছিল পুৰুষৰ দ্বাৰা। বিশেষকৈ বিবাহৰ দৰে মাংগলিক অনুষ্ঠানত পূজাৰীৰ পৰা কন্যাদান পৰ্বলৈকে, সকলোবোৰেই আছিল পুৰুষ প্ৰধান।

কিন্তু যুগৰ পৰিৱৰ্তনৰ লগে লগে এতিয়া পুৰুষৰ সমানে একে শাৰীতে খোজত খোজ মিলাইছে মহিলাইও। যাৰ বাবে এতিয়া বহু ৰীতি-নীতি সময়ৰ আহ্বানত সলনি হৈ পৰিছে।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন বিবাহৰ এটা বিশেষ ভিডিঅ’।

3 2

এই বিয়াখনত দৰাই পালন কৰা সকলো ৰীতি-নীতি কইনাইও পালন কৰে। কইনাৰ পিতৃয়ে কৰা কন্যাদান প্ৰথাৰ দৰে দৰাই পিতৃয়েও কৰে ‘দৰা দান’।

পুৰুষপ্ৰধান সমাজ ব্যৱস্থাত এক প্ৰাচীন পৰম্পৰাক সলনি কৰিবলৈ চলোৱা এই প্ৰয়াসে এতিয়া সামাজিক মাধ্যমতো লাভ কৰিছে ব্যাপক চৰ্চা।

2 1

বহুতে কইনা আৰু কইনাপক্ষৰ সাহস আৰু সিদ্ধান্তৰ প্ৰশংসা কৰিছে যদিও অৱশ্যে অনেকে ইয়াক লৈ অসন্তুষ্টিও ব্যক্ত কৰিছে।

বিবাহখনত অৱশ্যে মংগলসূত্ৰৰ প্ৰথাটো এৰাই চলা হয়। তাৰ বিপৰীতে দৰাই যিদৰে কইনাৰ শিৰত সেন্দুৰ দিয়ে, সেইদৰেই কইনাইও সেন্দুৰ দিয়ে দৰাৰ শিৰত।

একেদৰে কইনাৰ পিতৃয়ে কন্যাদান কৰাৰ পিছত দৰাৰ পিতৃয়েও বৰ দান প্ৰথা সম্পন্ন কৰে।

বিবাহৰ মাংগলিক অনুষ্ঠানৰ নামত থকা লিংগ বৈষম্য দূৰ কৰাৰ বাবেই এনে সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি মন্তব্য কৰে কইনাই।

টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কইনাই গ্ৰহণ কৰা সিদ্ধান্তৰ কাৰণ বৰ্ণনা কৰে।

উল্লেখ্য যে, দৰাৰ শিৰত সেন্দুৰ দি প্ৰাচীন পৰম্পৰাক সলনি কৰিবলৈ চেষ্টা চলোৱাৰ ঘটনা এয়াই প্ৰথম হয়।

ইয়াৰ পূৰ্বে যোৱাবছৰ কলকতাৰ এহাল দৰা-কইনাইও ইজনে সিজনৰ শিৰত সেন্দুৰ দি নতুন যুগৰ নতুন পৰম্পৰাৰ সূচনা কৰিছিল।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!