অসম

দৰঙৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে ধুলা থানাৰ অ’চিক নিলম্বন…

দৰঙৰ আৰক্ষী অধীক্ষক ৰাজ মোহন ৰয়ক নিলম্বন।

আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক নিলম্বন।

লগতে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনকো কৰা হৈছে নিলম্বন।

আনহাতে ধুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই ৰয়কো নিলম্বন কৰা হৈছে।

উল্লেখ্য যে, আদিবাসী এগৰাকী বনকৰা ছোৱালীৰ মৃত্যু তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো অৱমাননা কৰিছিল জিলাখনৰ আৰক্ষীয়ে।

যাৰ পৰিপেক্ষিতত এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে আদিবাসী বনকৰা ছোৱালীজনীৰ মৃত্যুৰ তদন্ত কৰিবলৈ গঠন কৰা হৈছে এছ আই টি।

লগতে ঢেকীয়াজুলিৰ দৰিদ্ৰ পৰিয়ালটোলৈ চৰকাৰী আঁচনিৰ বাসগৃহৰ লগতে আৰুণোদয় আঁচনিত আন্তৰ্ভূক্তিৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত ৰহস্যজনক অৱস্থাত ঢেকীয়াজুলিৰ প্ৰজা পথাৰ গাঁঁৱৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ মৃত্যু হৈছিল।

ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গাফিলতি কৰাৰ অভিযোগ প্ৰকাশ পোৱাৰ পিছতে বিষয়টো মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিছিল।

Related Articles

Back to top button