দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই মহটিয়াই নিলে কেইবাখনো বাহন, নিহত ৪ জন

নিউজ ডেস্ক। মঙলবাৰে মুম্বাই-পুনে এক্সপ্ৰেছৱেৰ ৰায়গড়ৰ খোপলিৰ সমীপৰ ভোৰ ঘাটত এখন দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পিছফালৰ পৰা এখন গাড়ীত খুন্দা মৰাৰ ফলত কমেও ৪ জন লোক নিহত হয় আৰু আন ৭ জন আহত হয়।

দ্ৰুতেবেগী ট্ৰাকখনে আন কেইবাখনো বাহনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। যাৰ ফলত ৪ খন বাহন ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে।

এই পথ দুৰ্ঘটনাটোত কমেও সাতজন লোক আহত হৈছে। আহত সকলৰ ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

P1
দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই মহটিয়াই নিলে কেইবাখনো বাহন, নিহত ৪ জন 4

এক্সপ্ৰেছৱে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পুৱা ৬:৩০ বজাত ৰাইগড়ৰ খোপলিৰ মুম্বাই-পুনে এক্সপ্ৰেছৱেৰ কাষত এখন দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই কেইবাখনো বাহনত খুন্দা মাৰে।

দুৰ্ঘটনাটোত ৪ জন লোকৰ মৃত্যু ঘটে আৰু আন ৭ জন লোক আহত হয়। আহত সকলৰ ৪ জনক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

P3
দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই মহটিয়াই নিলে কেইবাখনো বাহন, নিহত ৪ জন 5

ইফালে দুৰ্ঘটনাত নিহত সকলৰ তিনিজনক ক্ৰমে গৌৰৱ খাৰাট (৩৬), সৌৰভ তুলসে (৩২), সিদ্ধাৰ্থ ৰাজগুৰু (৩১) বুলি চিনাক্ত কৰা হৈছে। নিহত আনজন ব্যক্তিৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। মৃত লোককেইজনে একেখন মাৰুতি চুইফ্ট বাহনত মুম্বাই-পুনে এক্সপ্ৰেছৱেৰে মুম্বাই অভিমুখে গৈ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

P2
দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই মহটিয়াই নিলে কেইবাখনো বাহন, নিহত ৪ জন 6

বাতৰি অনুসৰি, এখন ট্ৰাকৰ যান্ত্ৰিক বিজুতিৰ বাবে ৰাজপথৰ ওপৰতে আৱদ্ধ হৈ পৰাত ভোৰঘাটত মঙলবাৰে পুৱা যান-জঁটৰ সৃষ্টি হৈছিল। সেই সময়তে দ্ৰুতবেগী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত কৰে।

Leave a Comment