দ্বিতীয় বিবাহ কৰাবলৈ পত্নী-দুই কন্যাক হত্যা, ১১ বছৰ পাছত নেলীৰ পৰা গ্ৰেপ্তাৰ প্ৰাক্তন বায়ু সেনা জােৱান

নিউজ ডেস্ক। কাৰাগাৰত থকা অৱস্থাত নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীৰ চকুত জলকীয়া গুড়ি ছটিয়াই পলায়ন কৰা এজন অভিযুক্তক পুনৰ ১১ বছৰৰ পিছত অসমৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ।

অভিযুক্ত লােকজন বায়ু সেনাৰ প্ৰাক্তন জােৱান। নাম ধৰম সিং যাদৱ।

পৰকীয়া প্ৰেমত পৰি আন মহিলাক বিবাহ কৰাবলৈ নিজ পত্নী-কন্যাক হত্যা কৰি খাটিবলগীয়া হৈছিল কাৰাবাস।

এই জঘন্য হত্যাকাণ্ড ২੦১੦ চনত সংঘটিত হৈছিল বেংগালুৰুৰ। পৰৱৰ্তী সময়ত অসমত আত্মগােপন কৰ এই লােকজনে এগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

সোমবাৰে কৰ্ণাটক আৰক্ষীয়ে সেই লোকজনক অসমৰ নেলীৰ পৰা গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, ধৰম সিং যাদৱে চাকৰিৰ পৰা অৱসৰৰ পিছত এটা ব্যক্তিগত খণ্ডৰ কোম্পানীৰ বিষয়া হিচাপে কাম কৰিছিল। তেওঁ এটা বিবাহ পৰ্টেলত ভুৱা তথ্যৰে বিবাহ পাত্রী বিচাৰি বিজ্ঞাপন দিছিল। য’ত তেওঁ নিজকে অবিবাহিত বুলি উল্লেখ কৰিছিল।

সেই অনুসৰি তেওঁৰ প্ৰফাইল চাই অসমৰ এগৰাকী মহিলাই তেওঁৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’বলৈ ইচ্ছা প্ৰকাশ কৰিছিল। আৰু সেই মহিলা গৰাকীক বিবাহ কৰাবলৈয়ে তেওঁ ২০০৮ চনত তেওঁৰ পত্নী আৰু সন্তানক হত্যা কৰিছিল।

হত্যা কৰি তেওঁ পত্নীৰ সকলো সোণৰ গহনা লুকুৱাই দিছিল আৰু আৰক্ষীক কৈছিল যে ডকাইতে আহি তেওঁৰ পত্নী-কন্যাক হত্যা কৰে আৰু সকলো আ-অলংকাৰ চুৰ কৰি লৈ যায়।

কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীয়ে সন্দেহৰ ভিত্তিত যেতিয়া তেওঁক জেৰা কৰে, তেতিয়া সকলো কথা ওলাই পৰে। যাৰ ফলত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

পত্নী আৰু সন্তানক হত্যা কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

কাৰাগাৰত দুবছৰ দিন কটোৱাৰ পিছত তেওঁ কাৰাগাৰৰ পৰা পলাই যোৱাৰ পৰিকল্পনা কৰিছিল। সেই অনুসৰি তেওঁ কাৰাগাৰ কৰ্তৃপক্ষক কৈছিল যে তেওঁৰ মূত্ৰাশয়ৰ কিছু সমস্যা আছে।

সেয়েহে তেওঁ চিকিৎসকৰ ওচৰলৈ যাব লাগে। সেই অনুসৰি ২০১০ চনত যেতিয়া তেওঁক ভিক্টোৰিয়া চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, তাৰ পূৰ্বে তেওঁ কাৰাগাৰৰ কেণ্টিনৰ পৰা ৰঙা জলকীয়া গুড়িৰ এটা পেকেট মনে মনে লগত লৈ লৈছিল।

আৰু যেতিয়া তেওঁক চিকিৎসালয়লৈ গৈছিল, চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক পানী খুৱাই খোজকাঢ়িবলৈ দিয়া হৈছিল। আৰু সেই সময়তে তেওঁ তেওঁৰ সৈতে থকা দুজন আৰক্ষীৰ চকুত জলকীয়া গুড়ি ছটিয়াই হাতত হেণ্ডকাফ লাগি থকা অৱস্থাত তেওঁ পলাই গৈছিল।

ইয়াৰ পিছতেই পৰৱৰ্তী দুবছৰৰ বাবে ধৰম সিঙে হাৰিয়ানাৰ এখন চহৰত থাকি আন কাৰোবাৰ নামত অনুজ্ঞাপত্ৰ থকা সুৰাৰ দোকান চলাইছিল।

২০১২ চনত তেওঁ অসমলৈ আহি এখন বাৰত কাম কৰিবলৈ লয় আৰু পৰৱৰ্তী সময়ত এগৰাকী মহিলাক বিয়া কৰায়। যাক তেওঁ বিবাহৰ স্থানত লগ পাইছিল। বৰ্তমান তেওঁৰ সৈতে দুজন পুত্ৰ আছে।

উল্লেখ্য যে ধৰম সিং এজন সৈনিক আছিল। ১৯৮৭ চনৰ পৰা ১৯৯৭ চনলৈ তেওঁ দেশৰ কেইবাটাও বিমানবন্দৰত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিছিল। বৰ্তমানেও তেওঁ পেঞ্চন লাভ কৰি আছে।

আৰু সেই পেঞ্চন লাভ কৰি থকা তথ্যৰ ভিত্তিতেই অনুসন্ধান কৰে কৰ্ণাটক আৰক্ষীয়ে। যাৰ ফলত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধৰম সিং যাদৱক।

Leave a Comment