NATIONAL

দ্বিতীয়বাৰৰ বাবে বাতিল হ’ল পৱিত্ৰ অমৰনাথ তীৰ্থ যাত্ৰা

নিউজ ডেস্ক। বিগত বছৰৰ দৰে এইবেলিও বাতিল হ’ল পৱিত্ৰ অমৰনাথ তীৰ্থ যাত্ৰা।

সাম্প্ৰতিক ক’ভিড পৰিস্থতিতৰ পৰিপ্ৰেক্ষিতত এই তীৰ্থযাত্ৰা এইবাৰ বন্ধ ৰাখিবলৈ সিদ্ধান্ত ল’লে শ্ৰীঅমৰনাথজী তীৰ্থস্থান ব’ৰ্ডে।

উল্লেখ্য যে ৫৬ দিনীয়া অমৰনাথ যাত্ৰা অহা ২৮ জুনত আৰম্ভ হোৱাৰ আৰু ২২ আগষ্টত অন্ত পৰাৰ কথা আছিল। মুঠ দুটা পথেৰে তাৰ্থযাত্ৰীয়ে অমৰনাথ যাত্ৰাত অংশ লৈ আহিছে।

অমৰনাথ যাত্ৰা বাতিলৰ সিদ্ধান্ত গ্ৰহণৰ পাছতে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালৰ কাৰ্যালয়ে টুইট কৰি কয়, ‘ৰাইজ জীৱন ৰক্ষা কৰাটো জৰুৰী। সেয়েহে বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত চলিত বৰ্ষত তীৰ্থ যাত্ৰাৰ বাবে অনুমতি দিয়াটো সম্ভৱ নহয়।’

উপ-ৰাজ্যপালৰ কাৰ্যালয়ে লগতে প্ৰকাশ কৰা অনুসৰি এইবেলি প্ৰতীকিভাৱে তীৰ্থযাত্ৰা সম্পন্ন কৰা হ’ব আৰু পৱিত্ৰ অমৰনাথৰ গুহাত পৰম্পৰা অনুসৰি সকলো ধৰ্মীয় ৰীতি পালিত হ’ব।

উল্লেখ্য যে যোৱা শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স’তে অমৰনাথ তীৰ্থযাত্ৰাৰ সন্দৰ্ভত মন্দিৰ পৰিচালনা সিমিতিৰ সদস্যই এক আলোচনাত অংশ লৈছিল আৰু এই বৈঠকতে চলিত বৰ্ষত তীৰ্থ যাত্ৰা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button