অসম
দ্বিতীয়বাৰৰ বাবে কৰ’ণাত আক্ৰান্ত অসম চলচ্ছিত্ৰ উন্নয়ন বিত্ত নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ…

দ্বিতীয়বাৰৰ বাবে কৰ’ণাত আক্ৰান্ত অসম চলচ্ছিত্ৰ উন্নয়ন বিত্ত নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ
সামাজিক মাধ্যমযোগে নিজেই এই কথা সদৰি কৰিছে সীমান্ত শেখৰে।
উল্লেখ্য যে, এইবাৰৰ সৈতে দ্বিতীয়বাৰৰ বাবে ক’ভিড-১৯ত আক্ৰান্ত হৈছে সীমান্ত শেখৰ।
তেওঁৰ দেহত ক’ভিডৰ সামান্য লক্ষণ ধৰা পৰাৰ পিছতে ক”ভিড টেষ্ট কৰা হৈছিল আৰু ৰিজাল্ট পজিটিভ আহে।
বৰ্তমান জনপ্ৰিয় গায়কজন হোম আইশ্যলেছনত আছে আৰু স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ৰাজ্যত পুনৰ এবাৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে কৰ’ণা সংক্ৰমণে।
বিহুৰ দিনা ৰাজ্যত মুঠ ৩০,১০৯ জন লোকৰ কোভিড পৰীক্ষা কৰা হয় আৰু ইয়াৰে ২,৩৪৮ জন লোক কোভিড পজিটিভ ধৰা পৰে।
ইফালে শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ ৫ জন লোকৰ ক’ভিডৰ ফলত মৃত্যু ঘটে।