নিউজ ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভাৰতীয় মুদ্ৰা নোটত মহাত্মা গান্ধীৰ লগতে ভগৱান গণেশ আৰু দেৱী লক্ষ্মীৰ ছবি সংলগ্ন কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনোৱাৰ পিছত এইবাৰ অইন এক অদ্ভূত দাবী উত্থাপন কৰিছে এগৰাকী বিজেপি নেতাই।
মহাৰাষ্ট্ৰৰ বিজেপি নেতা ৰাম কদমে এইবাৰ ফটোত বীৰ ছাভাৰকাৰ আৰু মোডীৰ ফটো সংলগ্ন কৰিবলৈ উত্থাপন কৰিছে দাবীৰ।
বিজেপিৰ নেতাজনে লগতে ভাৰতীয় মুদ্ৰাত ছত্ৰপতি শিৱাজী মহাৰাজ আৰু ড০ বাবাছাহেব আম্বেদকাৰৰ ফটোও লগোৱাৰ বাবে দাবী জনায়।
এটা টুইটত কদমে ৫০০ টকীয়া নোটত এই নেতাসকলৰ ফটো পোষ্ট কৰে।
টুইটত তেওঁ অৰবিন্দ কেজৰিৱালৰ আপক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁলোকৰ দাবী ‘প্ৰকৃত’ হ’লে দেশে মানি ল’লেহেঁতেন।
अखंड भारत.. नया भारत.. महान भारत..
— Ram Kadam (@ramkadam) October 27, 2022
जय श्रीराम .. जय मातादी ! pic.twitter.com/OPrNRu2psl
কদমে লিখিছে, “কিন্তু আম আদমী পাৰ্টীয়ে আমাৰ দেৱ-দেৱীসকলক কেৱল নিৰ্বাচনৰ সময়তহে স্মৰণ কৰে… শিৱাজী মহাৰাজ, ড০ বাবাছাহেব আম্বেদকাৰ আৰু স্বতন্ত্ৰ বীৰ ছাভাৰকাৰৰ প্ৰতিচ্ছবিবোৰে সকলোকে অনুপ্ৰাণিত কৰিব বুলি কোনো সংস্থাই অস্বীকাৰ কৰিব নোৱাৰে।’
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰতীয় মুদ্ৰা নোটত লক্ষ্মী আৰু গণেশৰ ফটো সম্বলিত কৰাৰ বাবে আহ্বান জনাই কেজৰিৱালে বুধবাৰে কয় যে ভাৰতৰ অৰ্থনীতি উন্নত কৰাৰ প্ৰচেষ্টা তেতিয়াহে ফল দিব যেতিয়া ‘আমাৰ ওপৰত দেৱতাৰ আশীৰ্বাদ থাকিব’।
তেওঁ কয়, ‘আমাৰ অৰ্থনীতিৰ উন্নতি হোৱা নাই। আমাৰ দেশৰ উন্নয়নৰ বাবে আমি বহুমুখী প্ৰচেষ্টা চলোৱাৰ প্ৰয়োজন। বিদ্যালয়, চিকিৎসালয় নিৰ্মাণ, আমাৰ শক্তি আৰু পথৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে অন্যান্যৰ প্ৰয়োজন আছে। কিন্তু আমাৰ এই প্ৰচেষ্টাই তেতিয়াহে ফল দিব যেতিয়া আমাৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকিব।’
মুছলমান সংখ্যাগৰিষ্ঠ দেশ ইণ্ডোনেছিয়াই ভগৱান গণেশৰ ছবি থকা মুদ্ৰাৰ নোট ছপা কৰা বুলি কেজৰিৱালে সংবাদমেলত উদাহৰণ দিয়ে।