দেশৰ ৮খন উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি…

দেশৰ ৮খন উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি।

লগতে ৫খন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক বদলি কৰা হৈছে।

সকলো মিলি দেশৰ ১৩খন হাইকোৰ্টত নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হৈছে।

নতুন নিযুক্তি অনুসৰি মেঘালয় হাইকোৰ্টৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে ৰঞ্জিত ভি মোৰেক।

সেইদৰে, ইন্দ্ৰজিত মহান্তি হ’ব ত্ৰিপুৰা হাইকোৰ্টৰ নতুন মুখ্য ন্যায়াধীশ। তেওঁ পূৰ্বে ৰাজস্থান হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ আছিল।

নতুন নিযুক্তিত ত্ৰিপুৰা হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ এ এ কুৰেশিক ৰাজস্থান হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।

নতুন নিযুক্ত হোৱা উচ্চ ন্যায়ালয় কেইখন হৈছে এলাহাবাদ, কলকাতা, মেঘালয়, মধ্যপ্ৰদেশ, তেলেংগানা, কৰ্ণাটক, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান, ত্ৰিপুৰা, হিমাচল প্ৰদেশ, ছিকিম আৰু ছত্তীশগড়।

দেশৰ ১৩খন হাইকোৰ্টৰ নতুন মুখ্য ন্যায়াধীশ কেইগৰাকী হ’ল:     

এলাহাবাদ উচ্চ ন্যায়ালয় – ৰাজেশ বিন্দল।

মেঘালয় উচ্চ ন্যায়ালয় – ৰঞ্জিত ভি মোৰে। 

তেলেংগানা উচ্চ ন্যায়ালয় – সতীশচন্দ্র শর্মা।

কলকাতা উচ্চ ন্যায়ালয় – প্রকাশ শ্রীবাস্তব। 

মধ্যপ্রদেশ উচ্চ ন্যায়ালয় – আৰ ভি মালিমথ। 

কৰ্ণাটক উচ্চ ন্যায়ালয় – ঋতুৰাজ আৱাস্তি। 

গুজৰাট উচ্চ ন্যায়ালয় – অৰবিন্দ কুমাৰ। 

অন্ধ্র প্রদেশ উচ্চ ন্যায়ালয় – প্রশান্ত কুমাৰ মিশ্র।

ৰাজস্থান উচ্চ ন্যায়ালয় – এ এ কুৰেশি। 

ত্রিপুৰা উচ্চ ন্যায়ালয় – ইন্দ্রজিৎ মহান্তি।

হিমাচল প্রদেশ উচ্চ ন্যায়ালয় – মহম্মদ ৰফিক। 

ছিকিম উচ্চ ন্যায়ালয় – বিশ্বনাথ সমাদ্দাৰ। 

ছত্তীশগড় উচ্চ ন্যায়ালয় – এ কে গোস্বামী। 

Leave a Comment