দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ পুত্ৰৰ শ্বহীদ বেদীত পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপন এহাল বৃদ্ধ পিতৃ-মাতৃৰ

নিউজ ডেস্কঃ দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ পুত্ৰক সুঁৱৰি আজি স্বাধীনতা দিৱস পালন কৰিলে এহাল বৃদ্ধ পিতৃ-মাতৃয়ে। দেশৰ হকে কৰ্তব্যৰত হৈ থকাৰ সময়ত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা বীৰ পুত্ৰৰ শ্বহীদ বেদীত পতাকা উত্তোলন কৰি বিগত ৫ বছৰে স্বাধীনতা দিৱস উদযাপন কৰি আহিছে এইহাল দম্পতীয়ে।

উল্লেখ্য যে, ২০০৭ চনৰ ৯ ফেব্ৰুৱাৰীত মণিপুৰৰ ইম্ফলত কৰ্তব্যৰত সময়ত উগ্ৰপন্থীৰ গুলীত শ্বহীদ হৈছিল গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী ভেলাখামাৰ মহিবুল ইছলাম নামৰ অৰ্ধসামৰিক বাহিনীৰ জোৱানগৰাকী।

photo1660563774
দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ পুত্ৰৰ শ্বহীদ বেদীত পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপন এহাল বৃদ্ধ পিতৃ-মাতৃৰ 2

ইফালে পুত্ৰৰ মৃত্যুৰ পিছতে ভেলাখামাৰ বিদ্যালয়ত এটা শ্বহীদ বেদী নিৰ্মাণ কৰি বিগত ৫ বছৰে গণতন্ত্ৰ আৰু স্বাধীনতা দিৱসত তাত পতাকা উত্তোলন কৰি আহিছে পিতৃ-মাতৃয়ে।

দেশৰ হকে শ্বহীদ হোৱা পুত্ৰক দেশবাসীয়ে পাহৰি গ’লেও আজিও এনেদৰে মনত পেলাই গৌৰৱত গদ গদ হৈ পৰে পিতৃ-মাতৃয়ে। সেয়েহে অইন বছৰৰ দৰে এইবাৰো স্বাধীনতা দিৱসত পুত্ৰৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলনৰ পিছত পতাকা উত্তোলন কৰে বৃদ্ধ পিতৃ-মাতৃয়ে।

উল্লেখ্য যে, মণিপুৰৰ ইম্ফলত উগ্ৰপন্থীৰ আকস্মিক আক্ৰমণত শ্বহীদ হোৱা মহিবুল ইছলামে ২০০৩ চনত অৰ্ধ সামৰিক বাহিনীত যোগদান কৰিছিল।