দেশৰ শীৰ্ষ পৰ্যায়ৰ আলোচনী ‘ভগ ইণ্ডিয়া’ৰ বেটুপাতত লাভলীনা বৰগোহাঁই…

দেশৰ প্ৰসিদ্ধ আলোচনী Vogue Indiaৰ বেটুপাতত অসম কন্যা লাভলীনা বৰগোঁহাই।

আলোচনীখনৰ অক্টোবৰৰ ১৪তম বিশেষ বাৰ্ষিকী সংখ্যাৰ বেটুপাতত এক আকৰ্ষণীয় ভংগীমাত লাভলীনাৰ ফটো প্ৰকাশ পাইছে।

২০২০ টকিঅ’ অলিম্পিকত পদক প্ৰাপ্ত ভাৰতবৰ্ষৰ তিনি সফল নাৰীক লৈ এইবাৰৰ ভগ আলোচনীৰ বেটুপাত প্ৰকাশ।

সেই তিনি সফল মহিলা হৈছে, পি ভি সিন্ধু, মীৰাবাই চানু আৰু অসম কন্যা লাভলীনা বৰগোহাঁই।

Vogue India ৰ টুইটাৰত কোৱা হৈছে যে, সকলো বাধাক প্ৰতিহত কৰি টকিঅ’ অলিম্পিকত লাভলীনা বৰগোঁহাইৰ ব্ৰঞ্জৰ পদক বিজয় কেবল মাত্ৰ এক সহনশীলতাৰ কাহিনীয়ে নহয়, লগতে প্ৰতিগৰাকী ছোৱালীৰ বাবে অনুপ্ৰাণিত কৰিব পৰা এক শক্তি।

টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয়েৰে ইতিহাস ৰচা অসম কন্যা লাভলীনা বৰগোহাঁইৰ ২ অক্টোবৰৰ ওপজা দিনটোতে Vogue Indiaই টুইটাৰত আলোচনীখনৰ ক’ভাৰ প্ৰকাশ কৰি এইদৰে শুভেচ্ছা জনায়।

উল্লেখ্য যে, অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত পদক অর্জন কৰা প্রথমগৰাকী অসমীয়া হৈছে লাভলীনা বৰগোহাঁই।

Leave a Comment