দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতিৰূপে শপত ল’লে দ্ৰৌপদী মুৰ্মূৱে…

দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতিৰূপে শপত ল’লে দ্ৰৌপদী মুৰ্মূৱে।
দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমন্নায়ে দ্ৰৌপদী মুৰ্মুৰ শপত বাক্য পাঠ কৰোৱাই।
সংসদৰ চেন্ট্ৰেল হলত অনুষ্ঠিত হোৱা এই শপত গ্ৰহণ অনুষ্ঠানত শপত বাক্য পাঠ কৰাৰ পিছতে ৰাষ্ট্ৰপতি হিচাপে দেশবাসীক সম্বোধন কৰে দ্ৰৌপদী মুৰ্মুৱে।
Smt. #DraupadiMurmu ji took the oath as the 15th President of India, today. She is the second woman President of the country and first-ever tribal woman to hold the highest Constitutional post.@rashtrapatibhvn pic.twitter.com/q1eBPaxkQ0
— Office of Kiren Rijiju (@RijijuOffice) July 25, 2022
দেশবাসীক সম্বোধন কৰি তেওঁ কয়- মই দেশৰ প্ৰথম ৰাষ্ট্ৰপতি যি স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰিছো। স্বাধীন ভাৰতৰ নাগৰিকসকলৰ সৈতে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে যি আশা ৰাখিছিল সেয়া পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিব লাগিব।
ৰাষ্ট্ৰপতি পদত উপনীত হোৱাটো মোৰ ব্যক্তিগত সাফল্য নহয়, ই হৈছে ভাৰতৰ প্ৰতিজন দৰিদ্ৰ লোকৰ কৃতিত্ব।- ৰাষ্ট্ৰপতি মুৰ্মু।
তেওঁ কয়- ২৬ জুলাই হৈছে কাৰ্গিল বিজয় দিৱস। এই দিনটো ভাৰতীয় সেনা বাহিনীৰ বীৰত্বৰ প্ৰতীক। মই কাৰ্গিল দিৱসৰ প্ৰতি আগতীয়াকৈ শুভেচ্ছা জনাইছো। এইটো গণতন্ত্ৰৰ শক্তি যে এজন দৰিদ্ৰ ব্যক্তিৰ পৰা জন্ম হোৱা এজনী কন্যাই ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদত উপনীত হ’ব পাৰে।
#DraupadiMurmu takes oath as the 15th President of #India.
— TIMES NOW (@TimesNow) July 25, 2022
Watch LIVE: https://t.co/ueV7BP05GI pic.twitter.com/Ra6VJOergf
পুৱা ১০.১৫ বজাৰ পৰা সংসদ ভৱনত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান।
দ্ৰৌপদী মুৰ্মু হ’ল দেশৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি।
শপত গ্ৰহণ অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ, প্ৰধানমন্ত্ৰীৰ লগতে কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, কেইবাখনো দেশৰ ৰাষ্ট্ৰদূত আৰু তিনিওটা সেৱাৰ মুৰব্বী উপস্থিত থাকে।