দেশৰ নতুন মুখ্য ন্যায়াধীশ পদত নিযুক্ত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়…

নিউজ ডেস্কঃ দেশৰ মুখ্য ন্যায়াধীশ পদত নিযুক্তি ন্যায়াধীশ ড০ ডি ৱাই চন্দ্ৰচূড়।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ নতুন মুখ্য ন্যায়াধীশৰূপে নিযুক্তি প্ৰদান কৰে ন্যায়াধীশ চন্দ্ৰচূড়ক।

এই তথ্য সদৰী কৰে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে।

ন্যায়াধীশ চন্দ্ৰচুড়ৰ নিযুক্তি ৯ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব।

তেওঁ বৰ্তমানৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

উল্লেখ্য যে, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় হ’ব ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ।

১৯৫৯ চনত জন্মগ্ৰহণ কৰা ন্যায়াধীশ চন্দ্ৰচুড় ২০১৬ চনৰ ১৩ মে’ত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।

ইয়াৰ পূৰ্বে তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

দিল্লী বিশ্ববিদ্যালয়ৰ পৰা কেম্পাছ ল চেণ্টাৰৰ পৰা এল এল বি সম্পূৰ্ণ কৰি আমেৰিকাৰ হাৰ্ভাৰ্ড ল স্কুলৰ পৰা এল এল এম ডিগ্ৰী আৰু জুৰিডিকেল ছায়েন্সত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ন্যায়াধীশ চন্দ্ৰচূড়ে।