দেশৰ দুই শীৰ্ষ টেলিকম কোম্পানীৰ মাজত আকৰ্ষণীয় যুঁজ, জিঅ’ৰ পূৰ্বেই আহিব এয়াৰটেল ৫জি…

আকৰ্ষণীয় হৈছে দেশৰ দুই শীৰ্ষ টেলিকম কোম্পানীৰ মাজত যুঁজখন।

সোমবাৰে ৰিলায়েঞ্চ জিঅ’ৰ বাৰ্ষিক সাধাৰণ সভাত দেশত ৫ জি সেৱা মুকলিৰ বিষয়ে ঘোষণা কৰাৰ লগে লগে আন এক বৃহৎ টেলিকম কোম্পানী ‘এয়াৰটেলে’ও ঘোষণা কৰিলে দেশত ৫ জি সেৱা আৰম্ভ কৰাৰ বিষয়ে।

অৱশ্যে জিঅ’ৰ পূৰ্বেই দেশত ৫জি সেৱা আৰম্ভ কৰিবলৈ ওলাইছে এয়াৰটেলে।

এয়াৰটেলৰ অধ্যক্ষ সুনীল মিট্টালে ভাৰতত এয়াৰটেলৰ ৫ জি সেৱা ঘোষণা কৰিছে।

সংবাদ মাধ্যমৰ আগত সুনীল মিত্তালে কয় যে, এয়াৰটেলে অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা দেশত ৫ জি সেৱা আৰম্ভ কৰিব।

ইফালে ভাৰত চৰকাৰেও অক্টোবৰৰ ১২ তাৰিখৰ পৰা ৫ জি সেৱা আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে।

indian@100Economy Summit ত এয়াৰটেলৰ অধ্যক্ষ সুনীল মিত্তালে এয়াৰটেলৰ ৫ জি সেৱাৰ সম্পৰ্কে মন্তব্য কৰি কয় যে, গ্ৰাহকসকলে ৫জিৰ সুবিধা গ্ৰহণ কৰিবলৈ কিছু পৰিমাণে অধিক মূল্য পৰিশোধ কৰিব লাগিব।

তেওঁ কয় যে, এয়াৰটেল ৫ জিৰ বাবে নতুন আঁচনি আনিব নোৱাৰে কিন্তু তেওঁৰ প্ৰিমিয়াম আঁচনিত এই সেৱা যোগ দিব পাৰে।

উল্লেখ্য যে, সোমবাৰে ৰিলায়েঞ্চ জিঅ’ৰ মূৰব্বী মুকেশ আম্বানীয়ে আগন্তুক দিপাৱলীত জিঅ’য়ে সমগ্ৰ দেশৰ প্ৰমুখ চহৰসমূহত জিঅ’ৰ ৫ জি সেৱা মুকলি কৰাৰ লগতে ২০২৩ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত দেশৰ প্ৰতিটো প্ৰান্ততে জিঅ’ৰ ৫ জি সেৱা আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে।

ইয়াৰ পিছতেই এয়াৰটেলৰ কৰ্তৃপক্ষয়েও তেওঁলোকৰ ৫ জি সেৱাৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰিছে।