fbpx
অসম

দেশৰ ক্ৰীড়া মঞ্চত জিলিকিল অসম! ৰাষ্ট্ৰীয় আৰ্চাৰীত স্বৰ্ণপদক লাভ অৰ্জুন জয়ন্ত তালুকদাৰৰ…

দেশৰ ক্ৰীড়া মঞ্চত পুনৰ জিলিকিল অসম।

এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত জিলিকিল অৰ্জুন বঁটা বিজয়ী আৰ্চাৰ জয়ন্ত তালুকদাৰ।

ছিনিয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰীত স্বৰ্ণপদক লাভ অসম সন্তান জয়ন্ত তালুকদাৰৰ।

গুজৰাটত অনুষ্ঠিত হৈছে ছিনিয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতা ২০২৩।

পুৰুষৰ ৭০ মিটাৰ শাখাৰ ফাইনেল খেলখনত অলিম্পিয়ান অতনু দাসক পৰাস্ত কৰি অসমৰ জয়ন্ত তালুকদাৰে লাভ কৰে সোণৰ পদক।

উল্লেখ্য যে ৩৭ বছৰীয়া আৰ্চাৰগৰাকীয়ে ২০০৬ চনত লাভ কৰিছিল অৰ্জুন বঁটা।

উল্লেখ্য যে এইবাৰ জন্মভূমি অসমৰ হৈ ছিনিয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰীত অংশ লৈছিল জয়ন্ত তালুকদাৰে।

অলিম্পিয়ান তথা অৰ্জুন বঁটা বিজয়ী জয়ন্ত তালুকদাৰে আজিৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰীত স্বৰ্ণপদক লাভ কৰি উৎফুল্লিত হৈ পৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!