দেশবাসীৰ বাবে আন এক দুঃসংবাদ! গ্ল’বেল হাংগাৰ ইনডেস্কত বাংলাদেশ, পাকিস্তানতকৈও পিছ পৰি ৰ’ল ভাৰত…

নিউজ ডেস্কঃ মোডী চৰকাৰৰ সবকা সাথ সবকা বিকাশ নীতিৰ ৮ বছৰীয়া কাৰ্যকালৰ মাজতে আন এক দুঃখবৰ দেশবাসীৰ বাবে।

সদ্য প্ৰকাশিত ২০২২ বৰ্ষৰ গ্ল’বেল হাংগাৰ ইনডেক্সত ১০৭ স্থানলৈ অৱনমিত হ’ল ভাৰতৰ স্থান।

পাকিস্তান, শ্ৰীলংকা, নেপাল, বাংলাদেশতকৈও পিছ পৰি ৰোৱা ভাৰতৰ ভোকাতুৰ জনতাৰ বাস্তৱ চিত্ৰই এতিয়া আতংকিত কৰিছে সচেতন মহলক।

image 112
দেশবাসীৰ বাবে আন এক দুঃসংবাদ! গ্ল’বেল হাংগাৰ ইনডেস্কত বাংলাদেশ, পাকিস্তানতকৈও পিছ পৰি ৰ’ল ভাৰত… 4

উল্লেখ্য যে, গ্ল’বেল হাংগাৰ ইনডেক্সত ভাৰতৰ স্থান মুঠ ১২১ খন দেশৰ ভিতৰত ১০৭ হোৱাৰ বিপৰীতে চুবুৰীয়া চিৰ বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ স্থান হৈছে ৯৯।

এই তালিকাত দক্ষিণ এছিয়াৰ সৰ্বোত্তম স্থানত থকা দেশখন হৈছে শ্ৰীলংকা। অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হোৱা শ্ৰীলংকাই এই সূচকাংকত ৬৪ নম্বৰ স্থান লাভ কৰিছে।

ভাৰতৰ চুবুৰীয়া দেশ নেপাল ৮১ নম্বৰত থকাৰ বিপৰীতে বাংলাদেশ আছে ৮৪ সংখ্যক স্থানত।

image 113
দেশবাসীৰ বাবে আন এক দুঃসংবাদ! গ্ল’বেল হাংগাৰ ইনডেস্কত বাংলাদেশ, পাকিস্তানতকৈও পিছ পৰি ৰ’ল ভাৰত… 5

মাত্ৰ এখন চুবুৰীয়া দেশ আফগানিস্তানৰ বাহিৰে হাংগাৰ ইনডেক্সত সকলোৰে অৱস্থা ভাৰততকৈ ভাল। এই তালিকাত আফগানিস্তানৰ স্থান ১০৯ সংখ্যক।

উল্লেখ্য যে, গ্ল’বেল হাংগাৰ ইনডেক্স (GHI) হৈছে বিশ্ব, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ষুধাৰ এক ব্যাপক পৰিমাপ আৰু অনুসৰণ।

সাধাৰণতে অপুষ্টি, গুৰুতৰ শিশুৰ অপুষ্টি, বৃদ্ধি স্তব্ধ হোৱা আৰু শিশুৰ মৃত্যু আদি চাৰিটা সূচকৰ মানৰ ওপৰত GHI স্ক’ৰ নিৰ্ধাৰণ কৰা হয়।

GHI ৰ মুঠ নম্বৰ ১০০ পইণ্ট, যাৰ ভিত্তিত এখন দেশৰ ভোকাতুৰৰ অৱস্থা দেখুওৱা হয়। অৰ্থাৎ কোনো এখন দেশৰ স্ক’ৰ যদি শূন্য হয় তেন্তে তাৰ অৱস্থা ভাল আৰু কাৰোবাৰ স্ক’ৰ ১০০ হ’লে তাৰ অৱস্থা অতি বেয়া।

ভাৰতৰ স্ক’ৰ ২৯.১ যিটো অতি গুৰুতৰ শাখাত পৰে।

image 114
দেশবাসীৰ বাবে আন এক দুঃসংবাদ! গ্ল’বেল হাংগাৰ ইনডেস্কত বাংলাদেশ, পাকিস্তানতকৈও পিছ পৰি ৰ’ল ভাৰত… 6

ইয়াৰ বাহিৰেও মুঠ ১৭ খন শীৰ্ষ দেশ আছে যাৰ স্ক’ৰ ৫ তকৈ কম। এই দেশসমূহৰ ভিতৰত আছে চীন, তুৰস্ক, কুৱেইট, বেলাৰুছ, উৰুগুৱে, চিলি আদি।

আনহাতে, যদি মুছলমান সংখ্যাগৰিষ্ঠ দেশসমূহৰ অৱস্থানৰ বিষয়ে চোৱা হয়, তেন্তে ইউ এ ই ১৮ নম্বৰত, উজবেকিস্তান ২১ নম্বৰত, কাজাখস্তান ২৪ নম্বৰত, টিউনিছিয়া ২৬ নম্বৰত, ইৰাণ ২৯ নম্বৰত, চৌদি আৰব ৩০ নম্বৰত আছে।

বৰ্তমানৰ চৰকাৰৰ নানান অভিলাসী আঁচনিৰ মাজতো বিশ্বৰ ভোকাতুৰ দেশৰ তালিকাত ভাৰতৰ স্থান অৱনমিত হোৱাক লৈ এতিয়া শাসকীয় দল তথা চৰকাৰক সমালোচনা কৰিছে বিৰোধীয়ে।