দেশত প্ৰথমবাৰৰ বাবে এইখন ৰাজ্যত কৰা হ’ল ড্ৰ’নেৰে ঔষধ যোগানৰ ব্যৱস্থা…

তেলেংগানাত মেডিচিন ফ্ৰম দ্য স্কাই (Medicines from the Sky) প্ৰকল্পৰ শুভাৰম্ভ।

এই প্ৰকল্প শুভাৰম্ভ কৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই।

ভেকচিন আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীবোৰ ড্ৰ’ন ব্যৱহাৰ কৰি দূৰৱৰ্তী অঞ্চললৈ সহজে পৰিবহণ কৰিব পাৰিব।

প্ৰকল্পটোৰ ডাটা এনালাইছিছ তিনি মাহৰ পিছত কৰা হ’ব।

এই ডাটাৰ ভিত্তিতে পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ দেশতে এই প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।

ৰাজ্যিক মন্ত্ৰী কে টি আৰে কয় যে তেলেংগানা দেশৰ প্ৰথমখন ৰাজ্য, যিয়ে কোভিড-১৯ ভেকচিন প্ৰদানৰ বাবে বিয়ণ্ড ভিজুৱেল লাইন অৱ চাইট (‍BVLOS) ড্ৰ’ন বিমান ব্যৱহাৰ কৰিছে। ই মানুহক যথেষ্ট সহায় কৰিব।

তেওঁ কয় যে এই ড্ৰ’ন সেৱাত ৪টা বাকচ যোগ কৰা হৈছে, প্ৰতিটো বাকচৰ তাপমাত্ৰা ভিন্ন।

মাৰুত ড্ৰ’নটেক প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া প্ৰেম কুমাৰ ভিছলাৱতে এই সন্দৰ্ভত কয় যে, কোনো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই ভেকচিন বিচাৰিলে এপৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিব। তাৰ পিছত বাৰ্তাটো প্ৰাপ্ত কৰা আনটো দলে ড্ৰ’নৰ জৰিয়তে ভেকচিন প্ৰেৰণ কৰিব।

শীততাপ নিয়ন্ত্ৰণ, অডিঅ’ পাইলট প্ৰণালী আৰু জিপিএছ ট্ৰেকাৰ পৰীক্ষা কৰাৰ পিছত ড্ৰ’নে গমন কৰিব।

ড্ৰ’নে অৱতৰণ কৰাৰ পিছত কৰ্মচাৰীসকলে এটা অ’টিপিৰ জৰিয়তে পেকেজটো সংগ্ৰহ কৰিব পাৰিব।

Leave a Comment