
নিউজ ডেস্কঃ কিছু মাহৰ ভিতৰতে ভাৰতৰ বজাৰত উপলব্ধ হ’ব জৰায়ুৰ কেন্সাৰ ৰোগৰ প্ৰতিষেধক। ইতিমধ্যে চিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰিছে জৰায়ুৰ কেন্সাৰ ৰোগৰ থলুৱা প্ৰতিষেধক (এইছপিভি ভেকচিন)। বৃহস্পতিবাৰে চিৰামৰ অধ্যক্ষ আদৰ পুনাৱালাই এই কথা প্ৰকাশ কৰাৰ লগতে এই ভেকচিনৰ দামৰ লগতে আন বহু গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত জানিবলৈ দিয়ে।
পুনাৱালাই কয় যে উৎপাদক আৰু ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰি এই ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰা হ’ব। এই ভেকচিনৰ মূল্য প্ৰায় ২০০ৰ পৰা ৪০০ টকাৰ ভিতৰত হ’ব বুলি অনুমান কৰা হৈছে।
বৃহস্পতিবাৰে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙেও এই ভেকচিন বিজ্ঞানসন্মতভাৱে সম্পূৰ্ণ কৰাৰ উপলক্ষে আয়োজন কৰা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বৈজ্ঞানিকভাৱে সম্পূৰ্ণ হোৱাৰ অৰ্থ হ’ল ভেকচিনটোৰ সৈতে জড়িত গৱেষণা আৰু বিকাশ সম্পূৰ্ণ হৈছে আৰু ই হ’ব ভেকচিনটো জনসাধাৰণৰ বাবে উপলব্ধ কৰাৰ পৰৱৰ্তী পদক্ষেপ।

জিতেন্দ্ৰ সিঙে কয় যে ভাৰতে প্ৰথমটো থলুৱাভাৱে প্ৰস্তুত কৰা জৰায়ুৰ কেন্সাৰৰ প্ৰতিষেধক বজাৰত মুকলি কৰিবলৈ সাজু হৈছে। তেওঁ লগতে কয় যে, এই ভেকচিন সস্তীয়া হ’ব।
দেশৰ প্ৰথম চতুৰ্ভুজ হিউমেন পেপিলোমা ভাইৰাছ ভেকচিন (কিউএইচপিভি) সন্দৰ্ভত আদৰ পুনাৱালাই কয় যে জৰায়ুৰ কেন্সাৰ প্ৰতিৰোধৰ বাবে ই দেশত প্ৰস্তুত কৰা প্ৰথমটো ভেকচিন। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাৰ বাবেই দেশত প্ৰতিৰোধমূলক ঔষধ আৰু ভেকচিন প্ৰস্তুত সম্ভৱ হৈছে।
সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি জৰায়ুৰ কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগ প্ৰতিৰোধৰ বাবে এই ভেকচিন ৯ৰ পৰা ১৪ বছৰৰ ভিতৰৰ কিশোৰীক প্ৰদান কৰিব পৰা যাব। এই ভেকচিনৰ বিষয়ে জ্ঞাত এক সূত্ৰই জনোৱা মতে, প্ৰথম অৱস্থাত এই ভেকচিনবোৰ কেৱল কিশোৰীকহে দিয়া হ’ব।
Delhi | The vaccine for cervical cancer will be available in a few months. Will give it to our country first & later to the world. May be priced between Rs 200-400 but prices yet to be finalized. Preparing to make 200 million doses in 2 years: Serum Institute CEO, Adar Poonawalla pic.twitter.com/g4JXfwWNV9
— ANI (@ANI) September 1, 2022
উল্লেখ্য যে, বৰ্তমান দেশত দুটাকৈ এইচ পি ভি ভেকচিন প্ৰস্তুত কৰিছে বিদেশী কোম্পানীয়ে। ইয়াৰে এটা ভেকচিন হৈছে মাৰ্কে প্ৰস্তুত কৰা গাৰ্ডাচিল, আনটো হৈছে গ্লেক্সোস্মিথক্লাইনে নিৰ্মাণ কৰা ছাৰ্ভাৰিকছ। বজাৰত এইচ পি ভি ভেকচিনৰ দাম প্ৰতি ড’জত প্ৰায় ২০০০ৰ পৰা ৩০০০ টকা।
কিন্তু চিৰাম ইনষ্টিটিউটে থলুৱাভাৱে প্ৰস্তুত কৰা এই ভেকচিনৰ ফলত ইয়াৰ বজাৰ মূল্য যথেষ্ট হ্ৰাস পাব। চৰকাৰৰ ৰাষ্ট্ৰীয় প্ৰতিষেধক অভিযানত এই ভেকচিন অন্তৰ্ভুক্ত কৰাটো মহিলাৰ জৰায়ু কেন্সাৰৰ সমস্যা হ্ৰাস কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব পাৰে।
প্ৰণিধানযোগ্য যে, দেশৰ ভিতৰতে মহিলাৰ ক্ষেত্ৰত জৰায়ুৰ কেন্সাৰ হৈছে দ্বিতীয় সৰ্বাধিক কৰ্কট ৰোগ। স্তন কেন্সাৰ প্ৰথম স্থানত আছে। এইচ পি ভি চেণ্টাৰৰ শেহতীয়া তথ্য অনুসৰি ভাৰতত প্ৰতি বছৰে ১ লাখ ২৩ হাজাৰতকৈও অধিক মহিলা এই কৰ্কট ৰোগত আক্ৰান্ত হয় ৭৭ হাজাৰতকৈ অধিক মহিলাৰ মৃত্যু হয়। তথ্য অনুসৰি বৰ্তমান সমগ্ৰ দেশৰ প্ৰায় পাঁচ শতাংশ মহিলা এই ৰোগত আক্ৰান্ত হৈ আছে।