Tue. Nov 24th, 2020

নিউজ ডেস্ক। এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ (IAS) সুদক্ষ বিষয়া।

বিষয়াগৰাকীৰ নাম ৰাহুল গুপ্তা।

এবছৰ পূৰ্বেই তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাত দেশৰ ভিতৰতে ২৮৬তম স্থান লাভ কৰি আই এ এছ হিচাপে নিৰ্বাচিত হ’ল।

বৰ্তমানে শােণিতপুৰ জিলাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত শিৱসাগৰত জন্মলাভ কৰা এই বিষয়াগৰাকী।

পিচে দেশৰ শীৰ্ষতম প্ৰশাসনিক পৰীক্ষাত সুখ্যাতিৰে সফলতা লাভ কৰি এজন প্ৰশাসনিক বিষয়া হিচাপে নিযুক্তি লাভ কৰিও নিজৰ শিপা পাহৰি যােৱা নাই ৰাহুল গুপ্তাই।

সেয়েহে চৰকাৰী ছুটী লৈ ওপজা ঘৰখনত উপস্থিত হৈ বিষয়াগৰাকীয় এজন দায়িত্বশীল পুত্ৰৰ দৰেই পিতৃৰ কামত সহায় কৰিবলৈ কুন্ঠাবােধ কৰা নাই।

বৃদ্ধ পিতৃৰ কষ্ট কিছু হ’লেও লাঘৱ কৰাৰ উদ্দেশ্যে ‘জনতা পাণ ভাণ্ডাৰ’ নামৰ পতৃত এখন সাধাৰণ দোকানত বহি পাণৰ লগতে অন্যান্য সামগ্ৰী বিক্ৰী কৰি প্ৰশংসিত হৈছে এই বিষয়াগৰাকী।

উল্লেখ্য যে শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দ’লমুখ চাৰিআলিত অৱস্থিত ৰাহুল গুপ্তাৰ পিতৃ ওম প্ৰকাশ গুপ্তাৰ এই দােকানখন।

এই ক্ষুদ্ৰ পাণ ভাণ্ডাৰখনতে ওম প্ৰকাশ গুপ্তাই জীৱন আৰু জীৱিকাৰ সংগ্ৰাম অব্যাহত ৰাখিছিল প্ৰায় ৫০ টাকৈ বছৰ ধৰি।

তেওঁ দুই সন্তানক প্ৰকৃত মানুহ হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে প্ৰয়োজনীয় ধন সংগ্ৰহৰ এই ভাণ্ডাৰেই হ’ল একমাত্ৰ প্ৰতিষ্ঠান।

তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰাহুল গুপ্তাই সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা, স্নাতক পৰীক্ষাৰত সুখ্যাতিৰে উত্তীৰ্ণ হয়।

তাৰ পিছত তেওঁ মোমায়েকৰ ঘৰত থাতি দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে।

স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি থকা সময়তে অত্যন্ত মেধা ছাত্ৰজনে ভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথম প্ৰয়াসতে সুখ্যাতিৰে উত্তীৰ্ণ হয়।

বৰ্তমান তেওঁ শোণিতপুৰতে কৰ্মৰত।

যি সময়ত একাংশ লােকে নিজৰ বৃদ্ধ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত ৰাখিবলৈ কুন্ঠাবােধ নকৰে, তেনে সময়তে এইজন প্ৰশাসনিক বিষয়াই বৃদ্ধ পিতৃক কিছু সকাহ দিবলৈ কৰা এনে প্ৰচেষ্টাই ৰাজ্যৰ লগতে দেশৰ সংবাদ মাধ্যমতাে বিশেষ চৰ্চা লাভ কৰিছে।

লগতে নতুন প্ৰজন্মৰ মাজতে এই ঘটনাই ইতিবাচক বাৰ্তা কঢ়িয়াব, সেয়া নিশ্চিত।