দেওঘৰৰ পিছত এইবাৰ হিমাচল প্ৰদেশৰ মধ্য আকাশত ৰ’পৱে’ত আৱদ্ধ হৈ পৰিল ৭ গৰাকী পৰ্যটক

নিউজ ডেস্কঃ দেওঘৰৰ পিছত এইবাৰ হিমাচল প্ৰদেশৰ সোলানৰ মধ্য আকাশৰ ৰ’পৱে’ত আৱদ্ধ হৈ পৰিল পৰ্যটক। জানিব পৰা মতে, সোলানত প্ৰায় দুঘণ্টা ধৰি ৰ’পৱে’ত আৱদ্ধ হৈ পৰে ৭ গৰাকীকৈ পৰ্যটক। আৱদ্ধ পৰ্যটক কেইজনক উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।

সোমবাৰে সোলানৰ পৰৱানত টিম্বাৰ ট্ৰেইল ৰ’পৱে’ত আবদ্ধ হৈ পৰে ৭ গৰাকী পৰ্যটক। খবৰ অনুসৰি, আৱদ্ধ পৰ্যটক সকলৰ উদ্ধাৰৰ বাবে এখন হেলিকপ্টাৰ ততাতৈয়াকৈ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়।

image 165
দেওঘৰৰ পিছত এইবাৰ হিমাচল প্ৰদেশৰ মধ্য আকাশত ৰ’পৱে’ত আৱদ্ধ হৈ পৰিল ৭ গৰাকী পৰ্যটক 3

ইফালে ৰ’পৱেত আৱদ্ধ পৰ্যটকসকলৰ অধিক সংখ্যকে মহিলা পৰ্যটক বুলি জানিব পৰা গৈছে।

হেলিকপ্টাৰযোগে ইতিমধ্যে ৰ’পৱে’ ট্ৰলীৰ পৰা ৪ জন পৰ্যটকক উদ্ধাৰ কৰা হৈছে। বাতৰি অনুসৰি, ৰ’পৱে’ ট্ৰলীখন যান্ত্ৰিক বিজুতিৰ বাবে মাজত আবদ্ধ হৈ পৰে।

কিন্তু টিম্বাৰ ট্ৰেইলৰ ৰ’পৱে আবদ্ধ হৈ থকা অঞ্চলটো বিমানৰ পৰা বেছি ওখ নহয়। সেয়ে ট্ৰলীত আবদ্ধ হৈ থকা পৰ্যটক সকলক উদ্ধাৰ কৰাত বিশেষ অসুবিধা নহয় বুলি জানিব পৰা গৈছে।

image 166
দেওঘৰৰ পিছত এইবাৰ হিমাচল প্ৰদেশৰ মধ্য আকাশত ৰ’পৱে’ত আৱদ্ধ হৈ পৰিল ৭ গৰাকী পৰ্যটক 4

সোলানৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, টিম্বাৰ ট্ৰেইলৰ বিষয়া আৰু আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা পৰিস্থিতি নিৰীক্ষণ কৰি আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীও সেই স্থানত উপনীত হৈছে বুলি মহকুমাধিপতি ধনবীৰ ঠাকুৰে জনায়।

প্ৰসংগক্ৰমে ১৯৯২ চনত টিম্বাৰ ট্ৰেইল ৰ’পৱে’ত সংঘটিত এক দুৰ্ঘটনাত আবদ্ধ হৈ পৰিছিল ১১ জন যাত্ৰী। যদিও ইয়াৰে ১০ জনক উদ্ধাৰ কৰা হয়, তথাপিও এজনৰ মৃত্যু ঘটিছিল। যোৱা এপ্ৰিল মাহত দেওঘৰৰ ত্ৰিকুট পাহাৰত ৰ’পৱে দুৰ্ঘটনাত নিহত হৈছিল তিনিজন পৰ্যটকৰ।