অসম

দূৰ হ’ব অসমৰ বহু অসুবিধা, সংবাদমেলত কেইবাটাও ডাঙৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ…

এতিয়াৰে পৰা দূৰ হ’ব অসমত থকা বহু অসুবিধা।

সংবাদমেলত কেইবাটাও ডাঙৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ।

উত্তৰ-পূবত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো প্ৰকল্পৰ ওপৰত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি হোটেল ৰেডিছন ব্লুত সংবাদমেল সম্বোধন কৰে গাডকাৰীয়ে।

গাডকাৰীয়ে কয় যে অসমত পথৰ আন্তঃগাঁথনি আগন্তুক দুবছৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হ’ব। এইক্ষেত্ৰত ৭০০ কিলোমিটাৰৰ এক প্ৰকল্প হাতত লোৱা হৈছে। এই প্ৰকল্পত ব্যয় হ’ব মুঠ ৫০ হাজাৰ কোটি টকা।

সেই অনুসৰি অসমত নতুনকৈ ৫ টা ৰোপৱে’ নিৰ্মাণ হ’ব। এই প্ৰকল্পত ব্যয় হ’ব ২,১০০ কোটি টকা। ইতিমধ্যে অগ্ৰিমভাৱে ৩০০ কোটি টকা মোকলাই দিয়া হৈছে।

৪,৫০০ কোটি টকাৰ এটা ৰিং ৰোড প্ৰকল্প হ’ব গুৱাহাটীত।

অসমত ১০খন নতুন উৰণীয়া সেতু নিৰ্মাণ হ’ব।

কাজিৰঙাত নিৰ্মাণ হ’ব ৪ লেনযুক্ত Elevator Corridor। ইয়াৰ বাবদ ব্যয় হ’ব ৬ হাজাৰ কোটি টকা।

২০২৪ লৈকে অসমত ২ লাখ কোটি টকাৰ কাম কৰাৰ লক্ষ্য ৰখা হৈছে বুলিও গাডকাৰীয়ে সংবাদমেলত উল্লেখ কৰে।

তেওঁ অসমত মিথানলৰ যোগেদি যান-বাহন চলোৱাৰ ব্যৱস্থা কৰাৰ পোষকতা কৰে।

লগতে অসমত বৈদ্যুতিক বাছ চলোৱাৰ বাবে মুখ্যমন্ত্ৰীক সহায়ৰ আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

Related Articles

Back to top button