দুৰ্যোগস্থলীৰ হৃদয়স্পৰ্শী দৃশ্য! ধ্বংসস্তূপৰ মাজত নিজৰ কণমানি ভাতৃক ১৭ ঘণ্টাধৰি সাহসেৰে সুৰক্ষা দি থাকিল ৭ বছৰীয়া ভগ্নীয়ে, চাওক ভিডিঅ’…

নিউজ ডেস্কঃ ৬ ফেব্ৰুৱাৰী! ৭.৮ প্ৰাবল্যৰ এটা প্ৰবল ভূমিকম্পৰ পিছত নিমিষতে ধ্বংসস্তূপত পৰিণত হৈছিল তুৰস্কৰ দক্ষিণ-পূব অঞ্চলৰ লগতে ছিৰিয়াৰ উত্তৰাঞ্চল!

তাৰ পিছতে একে লেথাৰিয়ে অহা আন কেইবাটাও কম্পনে আতংকিত কৰি তুলিছিল সকলোকে।

প্ৰচণ্ড ভূঁইকপত এতিয়ালৈকে মৃত্যু ঘটিছে ১৫ হাজাৰৰো অধিক লোকৰ। গৃহাহাৰা হৈ পৰিছে লাখ লাখ পৰিয়াল।

ইফালে এতিয়াও ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ আছে আন হাজাৰ হাজাৰ লোক। বতাহত এতিয়া কেৱল মৃত্যুৰ আৰ্তনাদ!

তুৰস্ক আৰু ছিৰিয়াৰ এনে ভয়াবহ কঠিন পৰিস্থিতিৰ মাজতে পোহৰলৈ আহিছে এনে কিছু ফটো-ভিডিঅ’, যিয়ে বুকু কঁপাই গৈছে সমগ্ৰ বিশ্ববাসীৰ।

বিভীষিকাৰ যেন আন এটা নাম সেই ফটো আৰু ভিডিঅ’সমূহ।

কিন্তু তাৰ মাজতে আন এনে কিছু ফটো-ভিডিঅ’ও ভাইৰেল হৈ পৰিছে, যিয়ে বিলাইছে এক আশাৰ ৰেঙণি।

তেনে এটা ভিডিঅ’ই এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে সামাজিক মাধ্যমত।

য’ত এগৰাকী কণমানি ভগ্নীয়ে তেওঁতকৈও সৰু ভাতৃক ধ্বংসাৱশেষৰ মাজত অবিচলিত হৈ সাহসেৰে সুৰক্ষা দিয়াৰ চেষ্টা চলোৱা দেখা গৈছে।

জানিব পৰা মতে, প্ৰচণ্ড ভূমিকম্পৰ পিছত এটা খহি পৰা অট্টালিকাৰ ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ পৰিছিল এই ভাতৃ-ভগ্নীহাল।

কিন্তু এখন্তেকৰ বাবেও বিচলিত নহৈ ৭ বছৰীয়া কন্যা শিশুটিয়ে তেওঁৰ ৫ বছৰীয়া ভাতৃক ধ্বংসাৱশেষৰ মাজত সুৰক্ষাৰ আশ্বাস প্ৰদান কৰে।

শিশুদুটি আৱদ্ধ হৈ থকাৰ প্ৰায় ১৭ ঘণ্টা পিছত অৱশেষত উদ্ধাৰকাৰী দলে দুয়োকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই কণমানি ছোৱালীজনীৰ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে শিশুটিৱে দুৰ্যোগৰ বিৰুদ্ধে দেখুওৱা নিজৰ শক্তি আৰু সাহসৰ বাবে তাইক এতিয়া ছ’চিয়েল মিডিয়াৰ নায়িকা হিচাপে অভিহিত কৰিছে অনেকে।

সমান্তৰালভাৱে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ভয়াৱহ ভূমিকম্পৰ পিছত চৌদিশে বিয়পি পৰা ধ্বংসাৱশেষৰ ভিডিঅ’ৰ মাজতে এই ভিডিঅ’টোৱে উদ্ধাৰকাৰী দলসমূহকো উৎসাহিত কৰিছে।