
নিউজ ডেস্ক। গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী যোৰাবাটৰ ৩৭নং ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰিল এখন মাৰুতি ব্ৰিজা বাহন।
জানিব পৰা মতে, লামডিঙৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল এ এছ-০২ এ জি-১৩০৫ নম্বৰৰ মাৰুতি ব্রিজা বাহনখন।

তেনে সময়তে নিয়ন্ত্রণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰে।
ফলত কথমপি প্ৰাণৰক্ষা পৰে চালকজনৰ।
ঘটনাস্থলীত যোৰাবাটৰ যান-বাহন আৰক্ষী উপস্থিত হৈ চালকজনক উদ্ধাৰ কৰে।