দুৰ্ঘটনাৰ পিছত জ্বলি উঠিল এল্ট’ বাহন, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু পিতৃ-মাতৃ আৰু ৩ কন্যাৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

দুৰ্ঘটনাৰ পিছতে দাওদাওকৈ জ্বলি উঠা বাহনত অগ্নিদগ্ধ হৈ নিঃশেষ হ’ল এটা পৰিয়াল।

পিতৃ-মাতৃৰ লগতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হ’ল ৩ জীয়ৰীৰ।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাত।

1 11
দুৰ্ঘটনাৰ পিছত জ্বলি উঠিল এল্ট’ বাহন, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু পিতৃ-মাতৃ আৰু ৩ কন্যাৰ 5

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, খাইৰাগড়ৰ নিৱাসী এটা পৰিয়ালে বৃহস্পতিবাৰে নিশা এখন বিবাহ অনুষ্ঠানত অংশ লৈ উভতি অহাৰ সময়তে ৰাজনন্দগাঁও-খাইৰাগড় পথৰ চিংগাৰপুৰ গাঁৱৰ সমীপত সংঘটিত হয় দুৰ্ঘটনা।

পৰিয়ালটোৱে যাত্ৰা কৰা বাহনখনে এটা কেঁকুৰি ঘূৰিবলৈ লওতেই নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টত খুন্দা মাৰে। তাৰ পিছতে আকস্মিকভাৱে জ্বলি উঠে তেওঁলোকৰ এল্ট’ বাহনখন।

2 4
দুৰ্ঘটনাৰ পিছত জ্বলি উঠিল এল্ট’ বাহন, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু পিতৃ-মাতৃ আৰু ৩ কন্যাৰ 6

এই জুইত পিতৃ-মাতৃৰ লগতে তিনি জীয়ৰীৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মৃত লােক কেইজনৰ নাম সুভাষ কােচৰ, পত্নী ক্ৰান্তি কােচৰ আৰু ৩ জীয়ৰী ভাবনা, বৃদ্ধি আৰু পূজা কােচৰ বুলি জানিব পৰা গৈছে।

p1 24
দুৰ্ঘটনাৰ পিছত জ্বলি উঠিল এল্ট’ বাহন, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু পিতৃ-মাতৃ আৰু ৩ কন্যাৰ 7

মৃত কন্যা সন্তাই ৩ জনীৰ বয়স আনুমানিক ২੦-২৫ বছৰ বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

প্ৰত্যক্ষ দৰ্শীয়ে প্ৰকাশ কৰা মতে, নিশা প্ৰায় ১ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

জানিব পৰা মতে, বৃদ্ধি কােচৰৰ অহা ২ মে’ত বিয়াৰ দিন ঠিক হৈছিল। ইতিমধ্যে পৰিয়ালটােত বিয়াৰ বাবে প্ৰস্তুত পূৰ্ণদ্যমে অব্যাহত আছিল।

লগতে চাওকঃ

প্ৰেমৰ পৰিণতি! দুই প্ৰেয়সীক একেলগে পত্নীৰ মৰ্যাদা প্ৰদান কৰি বিয়াত বহিল যুৱক…

591
দুৰ্ঘটনাৰ পিছত জ্বলি উঠিল এল্ট’ বাহন, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু পিতৃ-মাতৃ আৰু ৩ কন্যাৰ 8

Leave a Comment