দুৰ্ঘটনাবিহীন নৱবৰ্ষঃ ডিচেম্বৰ মাহত ৪ কোটিৰো অধিক টকা জৰিমনা বিহিলে মহানগৰ আৰক্ষীয়ে

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এক দুৰ্ঘটনাবিহীন নৱবৰ্ষ ৰাজ্যবাসীক উপহাৰ দিয়াত বৃহৎ সফলতা অৰ্জন কৰিলে মহানগৰ যান-বাহন আৰক্ষীয়ে। যাৰ বাবে পহিলা জানুৱাৰীৰ দিনটোতে সংবাদমেল সম্বোধন কৰি মহানগৰবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে যান বাহন আৰক্ষীয়ে

যান-বাহনৰ নীতি নিয়ম মানি চলাৰ বাবে মহানগৰবাসীক ধন্যবাদ জনাই যান-বাহন আৰক্ষীয়ে কয় যে ৰাইজৰ প্ৰচেষ্টাত নতুন বছৰটোত যাতে এটাও পথ দুৰ্ঘটনা সংঘটিত নহয়, তাৰ প্ৰয়াস হাতত লোৱা হব।

মহানগৰ যান-বাহন আৰক্ষীয়ে সংবাদমেলত জানিবলৈ দিয়া মতে, ৩১ ডিচেম্বৰৰ নিশা মহানগৰীৰ ৫৫ টা স্থানত সুৰাপায়ী বাহন চালকৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল। য’ত ১১৫ টা সুৰাপান কৰি গাড়ী চলোৱাৰ গোচৰ লাভ কৰা হৈছে। পূৰ্বৰ বছৰৰ তুলনাত এই সংখ্যা নগণ্য বুলিও মন্তব্য কৰে যান-বাহন আৰক্ষীয়ে।

আনহাতে সংবাদমেলত সদৰী কৰা মতে, ডিচেম্বৰ মাহত মহানগৰীত ১২১৩৪ টা হেলমেট নিপিন্ধা গোচৰ ৰুজু হৈছিল। তদুপৰি ৬৩৮টা সুৰাপান কৰি গাড়ী চলোৱাৰ গোচৰ ৰুজু কৰা হৈছিল ২০২১ৰ অন্তিমটো মাহত।

ইফালে ২০২১ৰ আগষ্ট মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত প্ৰতিমাহে ৩ কোটি ৪০ লাখ টকাৰ জৰিমনা বিহা হৈছে বুলিও জানিবলৈ দিয়ে যান-বাহন আৰক্ষীয়ে। কেৱল ডিচেম্বৰ মাহতে গুৱাহাটীত যান-বাহনৰ নিয়ম উলংঘা কৰা বাহন চালকক জৰিমনা বিহা হয় ৪কোটি ৪০লাখ টকা।

এই তথ্য সদৰী কৰি সংবাদ মেলত মহানগৰ যান-বাহন আৰক্ষীৰ বিষয়াই কয় যে জৰিমনা ফুৰ্তিত বিহা নহয়। বৰং একমাত্ৰ ৰাইজৰ মাজত সজাগতা অনাৰ বাবেহে জৰিমনা বিহা হয়। যিসকলে নিয়ম ভাঙে তেওঁলোকে জৰিমনা দিবলৈ বেয়া নাপায়।

উল্লেখ্য যে, ২০১৮ চনত গোটেই বৰ্ষটোত মহানগৰীত ২৫৮ জনৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। কিন্তু ২০২১ চনত আৰক্ষীৰ তৎপৰাত এই সংখ্যা ২৪৭ জনলৈ হ্ৰাস পাইছে। ৰাইজৰ সহযোগিতাত চলিত বৰ্ষত পথ দুৰ্ঘটনাৰ সংখ্যা শূণ্যলৈ হ্ৰাস কৰাৰ চেষ্টা চলোৱা হব বুলিও সংবাদ মেলত দোহাৰে আৰক্ষীয়ে।

ইফালে, বনভোজস্থলী সমূহত দেওবাৰৰ পৰা আৰক্ষীৰ অভিযান চলিব বুলি সংবাদমেলত জানিবলৈ দিয়ে। অভিযানত পিকনিক খাবলৈ যোৱাসকলক লৈ যোৱা বাহনৰ চালকক পৰীক্ষা কৰা হব। যদি সুৰা পান কৰে তেনেহলে ব্যৱস্থা লোৱা হব বুলি সংবাদমেলত সতৰ্ক কৰি দিয়ে মহানগৰ যান-বাহন আৰক্ষীয়ে।

Leave a Comment