অসম

দুৰ্ঘটনাত পতিত শিক্ষাৰ্থী কঢ়িওৱা বাহন! আহত ৪ গৰাকী ছাত্র-ছাত্রী, নিহত চালক…

যোৰাবাটত দুৰ্ঘটনাত পতিত শিক্ষাৰ্থী কঢ়িওৱা বাহন।

যোৰাবাটৰ মণ্টফৰ্ট বিদ্যালয়ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো।

AS09C7349 নম্বৰৰ মহানগৰৰ পৰা সোণাপুৰৰ তেতেলীয়াৰ প্ৰভিঞ্চ কলেজ অভিমুখী শিক্ষাৰ্থী কঢ়িওৱা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজৰ ডিভাইডাৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনা সংঘটিত হোৱা সময়ত স্কুলবাছ খনত আছিল ৩৫জন শিক্ষার্থী।

এই দুর্ঘটনাটোত বাছখনৰ চালক জয়ন্ত ৰাভাৰ মৃত্যু হোৱাৰ লগতে চাৰিগৰাকীকৈ শিক্ষার্থী গুৰুতৰভাৱে আহত হয়।

আহত শিক্ষার্থীকেইগৰাকী হৈছে- জ্যোতির্ময় কলিতা, চামিজুল আলী, দ্বিপজ্যোতি বড়ো আৰু থমাছ ৰিয়াং।

দুৰ্ঘটনাটোত সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত যোৰাবাট থানাৰ যানবাহন শাখাৰ আৰক্ষী উপস্থিত হৈ আহত চালক আৰু শিক্ষার্থীসকলক ‘উদ্ধাৰ কৰি জিএমচিএইছত ভর্তি কৰে।

চিকিৎসকে বাছখনৰ চালকক স্বাস্থ্যপৰীক্ষা কৰি মৃত ঘোষণা কৰে।

Related Articles

Leave a Reply

Back to top button