fbpx
অসমঅসমীয়া

দুৰ্ঘটনাত পতিত বাহনক উদ্ধাৰ কৰিবলৈ গৈ জ্বলাই দিলে ৰাইজে, কিন্তু কিয়?

নিউজ ডেস্ক। ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত এখন চাৰিচকীয়া বাহনক উদ্ধাৰ কৰিবলৈ গৈ ঘটিল অঘটন!

বাহনখনৰ আৰােহী কেইজনক উদ্ধাৰ কৰাৰ সলনি জ্বলাই দিলে একাংশ লোকে, কিন্তু কিয়?

এই ঘটনা সংঘটিত হ’ল কামৰূপ জিলাৰ হাজােৰ দলৈটৌলাত।

G2 13

দৰাচলতে, এই বাহনখনত সৰবৰাহ কৰা হৈছিল নিষিদ্ধ ড্ৰাগছ।

জানিব পৰা মতে, বুধবাৰে নিশা দলৈতোলা নদীপাৰ দিশৰ পৰা দলৈতোলা চক অভিমুখে আহি থকা AS-01-EF-0229 নম্বৰৰ এখন চাৰিচকীয়া বাহন পথৰ ওপৰতে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

স্থানীয় ৰাইজে এই ঘটনাটো প্ৰত‍্যক্ষ কৰি বাহনখন উদ্ধাৰ কৰিবলৈ আগবাঢ়ি যায়। কিন্তু তাৰ পিছতহে ওলাই পৰে ওৰহী গছৰ ওৰ।

আচলতে বাহনখনত আছিল ড্ৰাগছ সহ অবৈধ সৰবৰাহকাৰী।

স্থানীয় ৰাইজে কথাটো গম পোৱাৰ পিছতে তেওঁলোকে আন্ধাৰৰ সুযোগ বুজি পলায়ন কৰিবলৈ সক্ষম হয় ।

এই কথাত ক্ষুব্ধ হৈ উপস্থিত ৰাইজে বাহনখনকে জ্বলাই দিয়ে।

পিছত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলিত হাজো আৰক্ষী উপস্থিত হৈ বাহনখনৰ জুই নিৰ্বাপনৰ চেষ্টা কৰে আৰু বাহনখন উদ্ধাৰ কৰি হাজো আৰক্ষী চকীলৈ লৈ আহে।

লগতে চাওকঃ

৯৮ বছৰীয়া স্বামীৰ বিয়োগত ম্ৰিয়মান পত্নীয়েও ক্ষন্তেক পিছতে কৰিলে দেহত্যাগ…

G1 14

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!