দুৰ্ঘটনাত পতিত ‘বলীউডৰ টাৰ্জান’ হেমন্ত বিৰ্জে আৰু তেওঁৰ পৰিয়াল

এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত ‘বলীউডৰ টাৰ্জান’ খ্যাত অভিনেতা হেমন্ত বিৰ্জে আৰু তেওঁৰ পৰিয়াল।

মঙলবাৰে নিশা প্ৰায় ৯ বজাত পুনে-মুম্বাই এক্সপ্ৰেছৱে’ত দুৰ্ঘটনাত পতিত হয় অভিনেতা হেমন্ত বিৰ্জেৰ বাহনখন। অৱশ্যে দুৰ্ঘটনাত অভিনেতাগৰাকী আৰু তেওঁৰ পৰিয়ালৰ আঘাত গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে।

1

জানিব পৰা মতে, নিজৰ পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰি নিশা পুনেৰ পৰা মুম্বাই অভিমুখে গৈ আছিল অভিনেতা হেমন্ত বিৰ্জে। সেই সময়ত তেওঁৰ সৈতে পত্নী আমানা আৰু কন্যা ৰেশ্মাও আছিল। কিন্তু পুনে-মুম্বাই এক্সপ্ৰেছ হাইৱেৰে গৈ থকা মুহূৰ্তত উৰ্ছে ট’ল বুথৰ সমীপত হেমন্ত বিৰ্জেৰ বাহনত পিছফালৰ পৰা অহা এখন ট্ৰাকে খুন্দা মাৰে। যাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই অভিনেতাগৰাকীয়ে পথৰ দাঁতিৰ ডিভাইডাৰত গৈ খুন্দা মাৰে।

3

এই দুৰ্ঘটনাত অভিনেতা আৰু তেওঁৰ পৰিয়ালে যাত্ৰা কৰা বাহনখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় যদিও কথমপি এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বিৰ্জে আৰু তেওঁৰ পৰিয়াল। পিছত তিনিওজনকে চিকিৎসাৰ বাবে পাৱানা হাস্পতাললৈ লৈ যোৱা হয়।

2

উল্লেখ্য যে, ১৯৮৫ চনত মুক্তি লাভ কৰা বব্বৰ সুভাষ পৰিচালিত হিন্দী ছবি ‘এডভান্সাৰ অৱ টাৰ্জান’ত টাৰ্জানৰ চৰিত্ৰত অভিনয় কৰি দেশবাসীৰ বাবে পৰিচিত হৈ পৰিছিল হেমন্ত বিৰ্জে।

পৰৱৰ্তী সময়ত তেওঁ, কেইবাখনো তামিল-তেলেগু ভাষাৰ ছবিত অভিনয় কৰিছে। ২০০৫ চনত মুক্তিলাভ কৰা চলমান খান অভিনীত ছবি ‘গৰ্বঃ দ্য প্ৰাইড অৱ অনাৰ’তো দেখা গৈছিল এইগৰাকী অভিনেতাক।

লগতে চাওকঃ

শ্বহীদ পিতৃৰ পদাংক অনুসৰণ কৰি সেনাত বিষয়া হিচাপে নিযুক্ত হ’ল পুত্ৰ

ঘৰতে মাছে-মঙহে খোৱাটোৱে ভোগালী, বিহু হাজাৰ মানুহ জমা হোৱা উৎসৱ নহয়ঃ বিশ্বজিৎ দৈমাৰী

Leave a Comment