অসম

দুৰ্ঘটনাত পতিত অভিনেত্ৰী বৰষাৰাণী বিষয়াসহ স্বামী ভাস্কৰ বৰুৱা…

দুৰ্ঘটনাত পতিত অভিনেত্ৰী বৰষাৰাণী বিষয়াসহ স্বামী ভাস্কৰ বৰুৱা।

চৰাইদেউৰ টেঙাপুখুৰীত দুৰ্ঘটনাত পতিত হৈছে বৰষাৰাণী বিষয়া।

সাপেখাতীত অনুষ্ঠানত অংশ লৈ উভতিছিল অভিনেত্ৰীগৰাকী।

অভিনেত্ৰীগৰাকীৰ সৈতে গাড়ীত আছিল তেওঁর স্বামী ভাস্কৰ বৰুৱা।

শিৱসাগৰ অভিমুখী এখন অল্টো বাহনত খুন্দা মাৰে বৰষাৰাণী বিষয়াৰ বাহনখনে।

ফলত দ’ খাৱৈত বাগৰি পৰে অল্টো বাহনখন।

দুৰ্ঘটনাটোৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে অল্টো বাহনখন।

দুৰ্ঘটনাগ্ৰস্ত অল্টো বাহনখনৰ নম্বৰ হৈছে-AS 04 AB 8061.

আনহাতে বৰষাৰাণী বিষয়াৰ বাহনখনৰ নম্বৰ হৈছে- AS 01 DR 8911.

ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা অভিনেত্ৰীগৰাকীয়ে পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে।

Related Articles

Back to top button