fbpx
অসমীয়াৰাষ্ট্ৰীয়

দুৰ্ঘটনাত আহত ভিক্ষাৰী! পৰিচয় পত্ৰ বিচাৰি জেপত হাত দিওতেই ওলাল লক্ষ লক্ষ টকা…

নিউজ ডেস্কঃ ভাৰতত লাখপতি ভিক্ষাৰীৰ অভাৱ নাই। দেশৰ কেইবাজনো বিত্তৱান ভিক্ষাৰীৰ কাহিনীয়ে মাজে মাজে সংবাদ মাধ্যমৰো শিৰোনাম দখল কৰি আহিছে।

এইবাৰ উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত আহত এজন ভিক্ষাৰীৰ জেপৰ পৰা উদ্ধাৰ হ’ল লাখ লাখ টকা।

আৰক্ষীয়ে পৰিচয় পত্ৰ বিচাৰি ভিক্ষাৰীজনৰ জেপত হাত দিওতেই উদ্ধাৰ কৰে মুঠ ৩ লাখ ৬৪ হাজাৰ টকা।

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ গোৰখপুৰত শনিবাৰে বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা।

গোৰখপুৰৰ পিপ্ৰাইচ অঞ্চলৰ নিৱাসী মুক-বধিৰ শ্বৰীফ বাউংক (৫০) নামৰ ভিক্ষাৰীজনে পথেৰে গৈ থকা সময়তে এক দুৰ্ঘটনাত পতিত হয়।

ইফালে দুৰ্ঘটনাৰ খবৰ লাভ কৰি লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ভিক্ষাৰীজনক হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰে।

সেই সময়তে ভিক্ষাৰীজনৰ পৰিচয় পত্ৰ বিচাৰি পকেটত হাত দিয়াত উদ্ধাৰ হয় নগদ ধন খিনি।

মুক-বধিৰ ভিক্ষাৰীজনে ইমানখিনি ধন ক’ত পালে, সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

প্ৰসংগক্ৰমে মুম্বাইৰ বাসিন্দা ভৰত নামৰ ভিক্ষাৰীজন ভাৰতৰ ভিতৰতে ধনী ভিক্ষাৰী হিচাপে পৰিচিত।

সংবাদ মাধ্যমৰ দাবী অনুসৰি, মাহে ৭৫ হাজাৰ টকা ভিক্ষাবৃত্তিৰে উপাৰ্জন কৰে ভৰতে। মুম্বাইত প্ৰায় ডেৰ কোটি টকা মূল্যৰ দুটা ফ্লেটৰো গৰাকী এইজন ভিক্ষাৰী।

আনহাতে মহাৰাষ্ট্ৰৰ বাসিন্দা সম্ভাজি কালেও ভিক্ষাবৃত্তিৰে জমা কৰিছে কোটি কোটি টকা। বাতৰি অনুসৰি, মহাৰাষ্ট্ৰৰ সোলাপুৰত দুটা ঘৰ আৰু মাটিৰো গৰাকী সম্ভাজি।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!